ETV Bharat / state

Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ বিজয়ত নাওবৈচাত উল্লাস

author img

By

Published : Jul 22, 2022, 12:55 PM IST

bjp members are enjoying for president result in nowboicha
Presidential Election 2022: দ্ৰৌপদী মূৰ্মুৰ বিজয়ত নাওবৈচাত আনন্দ উল্লাস

ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী মহিলা আৰু প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আনন্দ-উল্লাস(Draupodi Murmu new president of India) । ব্যতিক্ৰম নহয় নাওবৈচা । নাওবৈচাৰ চাহ বাগিচা অঞ্চলসমূহত দেখা গৈছে ব্যাপক আনন্দ উল্লাস ।(2022 Indian presidential election result)

নাওবৈচা,২২ জুলাই: ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা দৌপদ্ৰী মুৰ্মুৰ বিজয়ত সমগ্ৰ ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ব্যাপক আনন্দ উল্লাস(Draupodi Murmu new president of India) । একেদৰে ১১০ নং নাওবৈচা সমষ্টিতো বৈছে আনন্দৰ ঢল । শাসকীয় দলৰ কাৰ্যকৰ্তাই উলিয়াইছে ৰেলী । (2022 Indian presidential election result)

দ্ৰৌপদী মূৰ্মুৰ বিজয়ত নাওবৈচাত আনন্দ উল্লাস

নাওবৈচাৰ মণ্ডল বিজেপিৰ উদ্যোগত শুকুৰবাৰে পুৱা নাওবৈচা সমষ্টিৰ বিভিন্ন চাহ বাগিচা অঞ্চলত বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ লগতে আদিবাসী লোকসকলৰ মাজত হৰ্ষোল্লাসৰ মাজেৰে মিঠাই বিতৰণ কৰি বিজেপিৰ এই জয়যাত্ৰালৈ শুভকামনা জ্ঞাপন কৰে । দলহাট চাহবাগিছা, চিলনীবাৰী চাহ বাগিছা, ডিজু চাহ বাগিছা,হাৰমতি চাহ বাগিছা, ৱাহাট চাহ বাগিছাকে ধৰি অন্যান্য চাহবাগিছা সমূহতো আদিবাসী লোকসকলে উৎফুল্লিত হৈ নাওবৈচাৰ মণ্ডল বিজেপিৰ নেতৃত্বৰ উপস্থিতিত ঝুমুৰ গীত পৰিৱেশন আৰু আতচবাজী ফুটাই মুৰ্মুৰ জয়যাত্ৰাত অভিনন্দন জ্ঞাপন কৰে ।

এই বিজয় উল্লাসত নাওবৈচা বিজেপি মণ্ডলৰ সভাপতি ৰঞ্জিত পাৱে, নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰা ,শিঙৰা গাঁও পঞ্চায়তৰ সভাপতি জিতু তাছা, দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি পাপু হাজৰিকাকে ধৰি দলীয় অন্যান্য কাৰ্যকৰ্তাসকলে আনন্দ উল্লাসত ভাগ লয় ।

লগতে পঢ়ক: Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.