ETV Bharat / state

Bank manager runaway with gold: নকল সোণৰ বাবে চৰ্চিত লখিমপুৰত আচল সোণ লৈ অন্তৰ্ধান বেংকৰ বিষয়া

author img

By

Published : May 22, 2023, 8:40 PM IST

নকল সোণৰ বেহাৰ বাবে ৰাজ্যজুৰি চৰ্চাত আছে লখিমপুৰ জিলাৰ নাম (Fake gold in Lakhimpur) । এনে কাণ্ড কঠোৰ হাতেৰে দমন কৰিবলৈ জিলাখনলৈ পঠোৱা হৈছে দক্ষ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক (IPS Ananda Mishra) । পিচে এইবাৰ নকল সোণ নহয় । আচল সোণৰ বাবে সোমবাৰে বিয়লি উত্তপ্ত হ’ল লখিমপুৰ নগৰ ।

Bank manager runaway with gold
নকল সোণৰ কাণ্ডৰ বাবে ৰাজ্যজুৰি চৰ্চাত আছে লখিমপুৰ জিলাৰ নাম

লখিমপুৰৰ পৰা আচল সোণ লৈ অন্তৰ্ধান হ’ল বেংকৰ বিষয়া

লখিমপুৰ, ২২ মে’ : হঠাৎ লখিমপুৰত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ৷ নকল সোণৰ বাবে চৰ্চাত থকা লখিমপুৰত এইবাৰ আচল সোণৰ বাবে হৈ চৈ লগা দেখিবলৈ পোৱা গৈছে ৷ IPS বিষয়া আনন্দ মিশ্ৰই জিলাখনত আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰাৰ পিচদিনাই আচল সোণ লৈ অন্তৰ্ধান হ’ল বেংকৰ বিষয়া (Bank manager runaway with gold and money from Lakhimpur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰত গ্ৰাহকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷

বিৱৰণি অনুসৰি, লখিমপুৰ নগৰৰ চি ডি ৰোডৰ ৬ নং ৱাৰ্ডৰ পাৰুল কমপ্লেক্সত আছিল আৰ্শীবাদ গ’ল্ড লোনৰ এটা প্ৰতিষ্ঠান ৷ চাৰি দিন পূৰ্বে এই বেংকটোৰ শাখা প্ৰবন্ধক যোৰহাটৰ অবিনাশ মহন্তই কোটি টকাৰ সোণ আৰু নগদ ধন লৈ পলায়ন কৰে ৷ অৱশ্যে, সোমবাৰে এই কথা গম পাই বিয়লি ভাগত বেংকটোত উপস্থিত হয় বহু গ্ৰাহক ৷ তাৰ পাচতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত লখিমপুৰ আৰক্ষীয়ে বেংকটো ছীল কৰাৰ লগতে শাখাটোৰ চাৰিজন কৰ্মচাৰীক আটক কৰি থানালৈ লৈ যায় ৷

প্ৰাপ্ত তথ্য অনুসৰি, ২০২১ চনৰ নৱেম্বৰ মাহত পাৰুল কমপ্লেক্সত মুকলি কৰা এই আৰ্শীবাদ গ’ল্ড লোণৰ শাখাটোত বিভিন্ন গ্ৰাহকৰ পৰা সোণ জমা লৈ নগদ ধনৰ ঋণ আদায় দি অহা হৈছিল (Gold Loan in Lakhimpur) ৷ এনেদৰে ছয় সাতশ গ্ৰাহকে শাখাটোত নিজৰ সোণৰ আ-অলংকাৰ জমা দি তাৰ বিনিময়ত নগদ ধনৰ ঋণ লৈ আহিছিল ৷ প্ৰতিজন গ্ৰাহকে শাখাটোৰ পৰা এটোলা সোণৰ বিপৰীতে ৬০ শতাংশ ঋণ লাভ কৰি আহিছিল ৷ বহু এজেন্টৰ জৰিয়তেও শাখাটোৱে সোণ সংগ্ৰহ কৰি জমা ৰাখিছিল ৷

এনে এটা শাখা হঠাতে বন্ধ হৈ যাব বুলি গ্ৰাহকসকলে কল্পনা কৰা নাছিল ৷ কেইদিনমানৰ পূৰ্বে বেংকৰ শাখাটোৰ মেনেজাৰ অবিনাশ মহন্ত অন্তঃৰ্ধান হোৱাৰ পিচত গ্ৰাহকসকলে বেংকত উপস্থিত হৈ নিজৰ জমা সোণ ঘূৰাই বিচৰাত ওলাই পৰে উৰহী গছৰ ওৰ ৷

তাৰ পাচতে খবৰ দিয়া হয় লখিমপুৰ আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শাখাটো ছীল কৰি শাখাটোৰ চাৰিজন কৰ্মচাৰীক আটক কৰে ৷ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি শাখা প্ৰৱন্ধকজনে ২১ টোপোলা সোণৰ লগতে ২৮ লাখৰো অধিক টকা লৈ পলায়ন কৰিছে ৷

গ্ৰাহকসকলে গ্ৰহণ কৰা ঋণৰ সুদ জমা দি অহাৰ বাবেই শাখাটোত বৃহৎ পৰিমাণৰ নগদ ধন জমা সূত্ৰে প্ৰবন্ধকজনে এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হয় । ইফালে এই সন্দৰ্ভত সোমবাৰে ভুক্তভোগী গ্ৰাহকসকলে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : HSLC results 2023: সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.