HSLC results 2023: সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট ডাঃ ৰণোজ পেগু

By

Published : May 22, 2023, 4:17 PM IST

thumbnail

ধেমাজি, 22 মে’: সকলোকে আচৰিত কৰি সোমবাৰে ছেবাই ঘোষণা কৰিলে 2022-23 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পূৰ্বৰ দৰে এইবাৰ আগতীয়াকৈ দিয়া নহ’ল ফলাফল ঘোষণাৰ জাননী ৷ পুৱা শিক্ষামন্ত্ৰীয়ে টুইইটাৰযোগে ফলাফল ঘোষণা কৰা হ’ব বুলি এটা টুইট কৰাৰ পাচতেই ৰাজ্যজুৰি তোলপাৰ লাগে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈকে সকলোৰে মাজত ৷ নিৰ্ধাৰিত সময় অনুসৰিয়েই ছেবাই সোমবাৰে পুৱা 10 বজাত ঘোষণা কৰে ফলাফল (SEBA declared HSLC results) ৷ 

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হঠাৎ ঘোষণা কৰাৰ পিচতে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে, এইবাৰ 72.69% পৰীক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণ হৈছে ৷ চাৰি লাখ পৰীক্ষাৰ্থী এইবাৰৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে তিনিলাখ উত্তীৰ্ণ হৈছে ৷ সেয়ে সকলো শিক্ষক আৰু অভিভাৱকক অভিনন্দন জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে (HSLC result 2023 out) ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ সঠিক সময়তে ফলাফল ঘোষণা কৰিছে ছেবাই ৷ শিক্ষকসকলে কষ্ট কৰিছে ৷ অৱশ্যে আগন্তুক দিনত ইয়াতকৈ ভাল ফলাফলৰ বাবে বিদ্যালয় তথা শিক্ষাৰ্থীক আগবঢ়াই নিবলৈ শিক্ষকসকলক অনুৰোধ জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ সামগ্ৰিকভাৱে উত্তীৰ্ণ হাৰ লক্ষ্য কৰিলে ষ্টেণ্ড কৰা বিদ্যালয়তকৈ পূৰ্বৰ তুলনাত ইপিনে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল উন্নত হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (HSLC results 2023) ৷

তেওঁ লগতে কয় যে, সোম বা মঙলবাৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা নহয় ৷ কোনো দুষ্ট চক্ৰই ফলাফল ঘোষণা কৰা হ’ব বুলি অপপ্ৰচাৰ চলাইছিল ৷ এইবাৰ HS পৰীক্ষাত পূৰ্বৰ তুলনাত এক লাখ ত্ৰিশ এহাজাৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ সেয়ে কেইদিনমানৰ পিচতহে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (AHSEC HS result date) ৷

একেদৰে শিক্ষামন্ত্ৰীৰ সমষ্টিৰ জিলাখনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী ডাঃ পেগুৱে কয় যে, HSLC পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ধেমাজি জিলাখনে স্থান নাপালেও বিগত বছৰৰ গুণোৎসৱত পিছ পৰি থকা জিলাখনে এইবেলি সাত নম্বৰ স্থানলৈ আগুৱাই আহিল ৷ ৰাজ্য উত্তীৰ্ণ হাৰৰ সৈতে একে শাৰীত থকা বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: HSLC result 2023:পঞ্চম স্থান দখল মহানগৰীৰ কাহিলিপাৰাৰ উপকূল পৰাশৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.