ETV Bharat / state

কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:56 PM IST

Protest in Lakhimpur
অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ

Protest in Lakhimpur: যিমানেই প্ৰতিবাদ সাব্যস্ত হৈছে সিমানেই কা বলবৎ কৰিবলৈ চৰকাৰ উঠিপৰি লাগিছে । যাৰ বাবে পুনৰ কা বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে । শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে কা বাতিলৰ দাবীত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ

লখিমপুৰ, ২৯ ডিচেম্বৰ : 'কা' বাতিল আৰু অসমত পাৰপত্ৰৰ ব্যবস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ অৱস্থান ধৰ্মঘট । 'কা' বাতিল কৰা আৰু অসমত পাৰপত্ৰ ব্যবস্থা প্ৰৱৰ্তন কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে । ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পৰিষদৰ জিলা সমিতি সমূহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আন জিলাৰ দৰে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে ।

অৱস্থানস্থলীত অংশগ্রহণ কৰা পৰিষদৰ নেতৃত্বই কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ জন্মলগ্নৰে পৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই গণতান্ত্রিকভারে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । জনজাতীয় প্রধান ৰাজ্য হিচাপে পৰিচিত অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰাৰ বাবে বহিৰাগতৰ অবাধ প্রব্রজন আৰু অগ্রাসনত সম্প্ৰতি অসমৰ থলুৱা খিলঞ্জীয়া ভূমিপুত্র সকল অস্তিত্বৰ সংকটত উপনীত হোৱাৰ লগতে অসমৰ মূলনিবাসী ভূমিপুত্র সকল আর্থসামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশত শোষণৰ বলি হৈছে ।

সেয়েহে সাংবিধানিকভাৱে অসমীয়া জাতিক চৰম অস্তিত্বৰ সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ হ'লে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাহিৰে কোনো গত্যন্তৰ নাই । তেনেদৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ ফলতো অসমীয়া জাতিৰ প্ৰতি চৰম অশনি সংকেত কঢ়িয়াই আনিছে । কাৰণ উক্ত আইন বলবৎ হ'লে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰি বাংলাদেশৰ বিদেশীৰ প্ৰথম পছন্দৰ ৰাজ্য হ'ব অসম । বাংলাদেশৰ পৰা আগমন ঘটা বিদেশীয়ে অসমৰ জনগাঁথনিৰ ব্যাপক পৰিবৰ্তন ঘটাব আৰু লগে লগে অসম এখন বাংলাভাষী প্রধান ৰাজ্যলৈ পর্যবসিত হ'ব ।

অসমীয়া জাতিৰ প্ৰতি আহিব পৰা এনে ভয়াবহ সংকটৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দাবী জনায় । আইনখনক পৰিষদে অসাংবিধানিক, অগণতান্ত্রিক আৰু সাম্প্রদায়িক বুলিও অভিহিত কৰে । ধৰ্মঘটৰ অন্তত পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । ধৰ্মঘটত পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক ৰাজু পুৰ্টিসহ ভালেখিনি কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু, পৰিয়ালত নামি আহিছে অমানিশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.