ETV Bharat / state

একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু, পৰিয়ালত নামি আহিছে অমানিশা

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:02 PM IST

বৰপেটাত অভিজিত শৰ্মা নামৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ আকস্মিক মৃত্যু । এমহীয়া সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বাকৰুদ্ধ কৰ্মচাৰীজনৰ পত্নী । মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান কৰ্মচাৰী পৰিষদৰ ।

contractual employee death
একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু, পৰিয়ালত নামি আহিছে অমানিশা

একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু, পৰিয়ালত নামি আহিছে অমানিশা

বৰপেটা, ২৯ ডিচেম্বৰ : বৰপেটা জিলাৰ শিলা গাঁৱৰ এটা পৰিয়ালত এতিয়া কান্দোনৰ ৰোল । এই পৃথিৱীৰ পৰা বিদায় মাগিলে পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ ভৰসা । লগে লগে পৰিয়ালটোলৈ অমানিশা নামি আহিছে ।

উল্লেখ্য যে উচ্চ শিক্ষিত বৰপেটাৰ শিলা গাঁৱৰ অভিজিত শৰ্মা নামৰ ৪১ বছৰীয়া যুৱকজনে ২০১২ চনত শিক্ষা বিভাগত ঠিকাভিত্তিত গাণনিক হিচাপে যোগদান কৰিছিল ৷ কিন্তু যোৱা ১৯ ডিচেম্বৰত আকস্মিকভাৱে অভিজিত শৰ্মাৰ মৃত্যু হয় ৷ অভিজিত শৰ্মাৰ মৃত্যুৰ পিচতেই মূৰত সৰগ ভাগি পৰে পৰিয়ালটোৰ ওপৰত ৷ কাৰণ চৰকাৰী চাকৰিয়াল হৈও মৃত্যুৰ পিচত তেওঁৰ পৰিয়ালে এটকাও লাভ নকৰিলে ।

বৰপেটাৰ গোৱৰ্ধনা শিক্ষা খণ্ডত গাণনিক হিচাপে কৰ্মৰত অভিজিত শৰ্মাৰ পৰিয়ালে ডিচেম্বৰ মাহত কাম কৰা ২০ টা দিনৰ দৰমহাৰ বাদে চৰকাৰৰ পৰা নাপাব কোনো অনুদান বা আন কোনো সুবিধা ৷ ফলত বৃদ্ধা মাতৃৰ লগতে এটা ১ মহীয়া আৰু আন এটা ৩ বছৰীয়া শিশুক কোলাত সাৱটি দিশহাৰা হৈ পৰিছে অভিজিতৰ পত্নী । এনে পৰিস্থিতিত অভিজিত শৰ্মাৰ বৃদ্ধা মাতৃ, পত্নী আৰু দুটি কণমানিৰ জীৱনলৈ ভয়াৱহ দুৰ্যোগ নামি আহিছে ।

পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । পিতৃৰ অবৰ্তমানত কিদৰে শিশু দুটিক ডাঙৰ দীঘল কৰিব তাকে ভাবি ভাগি পৰিছে অভিজিতৰ পত্নী তথা পৰিয়ালটো । পৰিয়ালটোৰ এনে সংকটৰ মাজতে বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালটোক সহায়ৰ আহ্বান জনাইছে । ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিয়ালটোক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধো জনাইছে বিভিন্নজনে । একেদৰে কৰ্মচাৰী পৰিষদেও ঠিকাভিত্তিক কৰ্মচাৰীগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত RSS প্ৰধান মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.