ETV Bharat / state

AJYCP Protest: যোগান মন্ত্ৰীৰ জুমুঠি দাহেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ AJYCP ৰ

author img

By

Published : Apr 4, 2023, 3:34 PM IST

AJYCP protest at Lakhimpur
লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ AJYCP ৰ

লখিমপুৰ নগৰৰ মাজ মজিয়াত জ্বলিল মন্ত্ৰীৰ ৰঞ্জিত দাসৰ জুমুঠি ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজ মজিয়াত যোগান মন্ত্ৰীৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মঙলবাৰে নগৰৰ গাৰ্লচ ৰোড চাৰিআলিত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ (AJYCP protest at Lakhimpur) ৷

লখিমপুৰ নগৰৰ মাজ মজিয়াত জ্বলিল মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা

লখিমপুৰ ৪ এপ্ৰিল: সৰ্বসাধাৰণৰ ৰাইজক জুৰুলা কৰিছে মূল্যবৃদ্ধিয়ে ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা হৈ পৰা ৰাইজ, বিভিন্ন দল-সংগঠন আদিয়ে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও গা লৰা নাই চৰকাৰৰ ৷ ইয়াৰ মাজতে টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ ৷ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Price hike of Essential Commodities) ৷

লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ ৷ লখিমপুৰ নগৰৰ মাজ মজিয়াত জ্বলিল মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ জুমুঠি ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে নগৰৰ মাজ মজিয়াত যোগান মন্ত্ৰীৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP protest at Lakhimpur) ৷

মঙলবাৰে নগৰৰ গাৰ্লচ ৰোড চাৰিআলিত যোগান মন্ত্ৰীৰ জুমুঠি দাহ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ ৷ জীৱনদায়ীনী ঔষধৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত যোগান মন্ত্ৰীৰ জুমুঠি দাহেৰে প্ৰতিবাদ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ মূল্য বৃদ্ধি হ্ৰাস কৰক, বিজেপি চৰকাৰৰ হায় হায়, মুখ্যমন্ত্ৰী গ' বেক, ৰণজিৎ দাসৰ কাম নাই আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে (Price Hike in Assam) ৷

চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰতিবাদকাৰীসকলে কয় যে, চৰকাৰখনে মূল্য বৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিছে ৷ মূল্য বৃদ্ধিৰ বাবে একোখন ঘৰ ধ্বংস হৈ পৰিছে ৷ ৰাইজৰ নিৰন্তৰ প্ৰতিবাদ, দাবীৰ পাচতো চৰকাৰ খনে কেৰেপ কৰা নাই ৷ বিপৰীতে ধাৰ লৈ অভিলেখ গঢ়ি ৰাজ্যখনক ধৰুৱা কৰি পেলাইছে ৷ বৰ্তমান অসমত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱেই মূৰত ধাৰৰ বোজা লৈ জন্মগ্ৰহণ কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে (AJYCP protest against price hike) ৷

আনহাতে, টোলকৰ বৃদ্ধিৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা মন্তব্যক ধিক্কাৰ জনাই প্ৰতিবাদ ৷ লগতে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ দিগন্ত ভূঞা, বিমলা প্ৰসাদ দাস, দিব্য জ্যোতি কোঁৱৰ সহ কেইবাজনো নেতাৰ লগতে বহু সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে (AJYCP Protest against price hike in Lakhimpur) ৷

লগতে পঢ়ক: Pijush Hazarika vs Kejriwal: এইবাৰ কেজৰিৱালক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.