ETV Bharat / state

লখিমপুৰত এখন অচল ট্ৰাকে টোপনি হৰিছে ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 2:48 PM IST

Updated : Jan 11, 2024, 2:59 PM IST

Defunct truck terror
লখিমপুৰত এখন অচল ট্ৰাকে টোপনি হৰিছে ৰাইজৰ

Defunct truck terror : এখন অচল ট্ৰাকে অশনি সংকেত কঢ়িয়াই আনিছে লখিমপুৰলৈ ৷ যোৱা এটা দশকৰো অধিক সময় ধৰি জৰাজীৰ্ণ হৈ উৱলি যোৱা ট্ৰাকখনৰ ওপৰত আছে এনএইপিচিৰ টাৰ্বাইনৰ বৃহৎ যন্ত্রাংশ ৷ এই যন্ত্রাংশ বাগৰি কাষতে থকা পকী দেৱাল, বিদ্যুতৰ খুঁটা আদি চুৰমাৰ কৰাৰ সম্ভাৱনাই ৰাইজৰ টোপনি হৰিছে ৷

লখিমপুৰত এখন অচল ট্ৰাকে টোপনি হৰিছে ৰাইজৰ

লখিমপুৰ, ১১ জানুৱাৰী : সাধাৰণতে সচল যান-বাহনে দুৰ্ঘটনা সংঘটিত কৰে । কিন্তু লখিমপুৰত এইবাৰ এখন অচল ট্ৰাকে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে । অবিশ্বাস্য যেন লাগিলেও এয়া এশ শতাংশই সত্য । জিলা আয়ুক্তক ব্যৱস্থা গ্রহণ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, লখিমপুৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাশে পৰি থকা বৃহৎ আকাৰৰ এখন ট্ৰাকে অঘটন সংঘটিত কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰী বেচৰকাৰী বিভিন্ন কাৰ্যসূচীৰে সততে জনাকীর্ণ হৈ থাকে বিদ্যালয়ৰ খেলপথাৰখন। খেলপথাৰখনৰ দাঁতিতে আছে ট্ৰাকখন ।

জৰাজীৰ্ণ হৈ উৱলি যোৱা ট্ৰাকখনৰ ওপৰত আছে এনএইপিচিৰ টাৰ্বাইনৰ বৃহৎ যন্ত্রাংশ । সম্প্ৰতি ট্ৰাকখন পচি উৱলি এঢলীয়া হৈ পৰিছে । ফলত ট্ৰাকখনৰ ওপৰত থকা টাৰ্বাইনৰ যন্ত্রাংশও হাউলী গৈছে । কিছুদিন এনেদৰে থাকিলে টাৰ্বাইনৰ যন্ত্রাংশ বাগৰি পৰিব । এই যন্ত্রাংশ বাগৰি কাষতে থকা পকী দেৱাল, বিদ্যুতৰ খুঁটা আদি চুৰমাৰ কৰি পথত বাগৰি পৰিব ।

ইফালে পথটোৰ লগতে আছে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৷ সেয়ে সদাব্যস্ত হৈ থাকে পথটো । আনহাতে পথটোৰ দাঁতিত ৰখাই থোৱা থাকে শাৰী শাৰী যান-বাহন । এনে পৰিস্থিতিত ট্ৰাকখনৰ যন্ত্রাংশ দেৱাল ভাঙি, বিদ্যুতৰ খুঁটা আদি ভাঙি পথৰ ওপৰত বাগৰি পৰিলে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, এটা দশকৰো অধিক সময় ট্ৰাকখন খেল পথাৰখনৰ এচুকত পৰি আছে। 2011 চনত এনএইচপিচিয়ে নামনি সোৱণশিৰি প্ৰকল্প লৈ এই ট্ৰাকখনত যন্ত্রাংশ কঢ়িয়াই আনিছিল । কিন্তু লখিমপুৰত বান্ধ বিৰোধী আন্দোলনৰ ফলত ট্ৰাকখন আবদ্ধ হৈ পৰে ।

তেতিয়াৰ পৰা পৰি থাকি জহি-খহি উৱলি গৈছে ট্ৰাকখন । ৰাইজে এইক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে । সদৌ অসম হিন্দু যুৱ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শম্ভু সিংহই সময় থাকোতেই জিলা আয়ুক্তক ব্যবস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে । অন্যথা দুৰ্ঘটনা সংঘটিত হলে জিলা প্ৰশাসনেই জগৰীয়া হ’ব বুলি সকীয়াই দিছে ৷

লগতে পঢ়ক: অসম স্বৰ্ণ শিল্পী সমিতিৰ উদ্যোগত ৬২ সংখ্যক শ্বহীদ দিৱস পালন

Last Updated :Jan 11, 2024, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.