ETV Bharat / state

অসম স্বৰ্ণ শিল্পী সমিতিৰ উদ্যোগত ৬২ সংখ্যক শ্বহীদ দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:54 PM IST

Black law against goldsmith
নিখিল অসম স্বৰ্ণ শিল্পী সমিতি

Black law against goldsmith:১৯৬৩ চনত স্বৰ্ণ শিল্পী সকলৰ বিৰুদ্ধে দেশত প্ৰৱৰ্তন কৰা হৈছিল এখন ক'লা আইন । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ২৫০ গৰাকী স্বৰ্ণ শিল্পী শ্বহীদ হৈছিল এই দিনটোতে ।

নিখিল অসম স্বৰ্ণ শিল্পী সমিতি

গুৱাহাটী, ৯ জানুৱাৰী: নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ উদ্যোগত আজি ৬২ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় । প্ৰতি বছৰৰ দৰে এইবাৰো ৯ জানুৱাৰীত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ পাণবজাৰৰ হৰিসভা প্ৰাংগনত এক বিশেষ আলোচনা সভা অনুষ্ঠিত হয় । পাণবজাৰ হৰিসভা প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ কৰা হয় । তাৰ পিচতে অৰুণ কুমাৰ সান্যালৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।

স্বৰ্ণ শিল্পী সমিতিৰ উদ্যোগত আজি পালন কৰা ৬২ সংখ্যক শ্বহীদ দিৱসৰ সভাতে স্বৰ্ণ শিল্পী সকলৰ বাবে এখন পৰিচয় পত্ৰ মুকলি কৰে GMDAৰ উপাধ্যক্ষ মুকুতা ডেকাই । এখন পৰিচয় পত্ৰ মুকলি কৰি GMDAৰ উপাধ্যক্ষ মুকুতা ডেকাই কয়," স্বৰ্ণ শিল্পী সকলে এক নম্বৰী ব্য়ৱসায় কৰক । ৯৮% ব্য়ৱসায়ীয়ে ভাল কাম কৰে যদিও এক-দুই শতাংশৰ বাবে তেওঁলোকৰ বদনাম হয় । তেওঁলোকেও ভাল কাম কৰক । কিয়নো পিতৃ-মাতৃয়ে বহু কষ্টেৰে ছোৱালীৰ বিয়াৰ বাবে সোণৰ গহনা বনায় ।" নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ উদ্যোগত আজি পালন কৰা ৬২ সংখ্যক শ্বহীদ দিৱসৰ উক্ত সভাতে ভাৰত চৰকাৰৰ বিশ্বকৰ্মা আঁচনি সন্দৰ্ভতো আলোচনা কৰা হয় ।

উল্লেখ্য যে ১৯৬৩ চনত ভাৰত চৰকাৰে স্বৰ্ণ শিল্পী সকলৰ বিৰুদ্ধে এখন ক'লা আইন প্ৰৱৰ্তন কৰিছিল । এই ক'লা আইন প্ৰৱৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি দেশৰ ২৫০ গৰাকী স্বৰ্ণ শিল্পী শ্বহীদ হৈছিল । সেইসকল স্বৰ্ণ শিল্পীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি শ্বহীদ দিৱস পালন কৰা হয় । শ্বহীদ সকলক সোঁৱৰণ কৰি আজি স্বৰ্ণ শিল্পী সকলে তেওঁলোকৰ নিজৰ নিজৰ দোকান-প্ৰতিষ্ঠান বন্ধ ৰাখে ।

লগতে পঢ়ক:ধাৰ লৈ সংসাৰ চলোৱাটো সহজ: মুখ্যমন্ত্ৰীক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈৰ উদাত্ত ভাষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.