ETV Bharat / state

কোকৰাঝাৰত গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Jan 28, 2021, 10:48 PM IST

গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কোকৰাঝাৰ জিলা অভিৱৰ্তনখনি দিনযোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৷ এই উপলক্ষে বিয়লি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

VDP Rising Day kokrajhar
কোকৰাঝাৰত পালন কৰা হ'ল গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কোকৰাঝাৰ, ২৮ জানুৱাৰী : কোকৰাঝাৰত বৃহস্পতিবাৰে গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কোকৰাঝাৰ জিলা অভিৱৰ্তনখনি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ এই উপলক্ষে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক অনুৰাগ আগৰৱালাই গাঁওৰক্ষীৰ সাংগঠনিক পতাকা উত্তোলন কৰে ৷

VDP Rising Day kokrajhar
মুকলি সভা

অনুষ্ঠানৰ লগত সংগতি ৰাখি গাঁওৰক্ষী বাহিনীয়ে উলিওৱা এক বিশাল শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ভাস্কৰ ফুকনে ৷ ইফালে বিয়লি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷

VDP Rising Day kokrajhar
মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰমোদ বড়ো

সভাত দিয়া ভাষণত প্ৰমোদ বড়োৱে গাঁওৰক্ষী বাহিনী সকলে গ্ৰামীণ সমাজত আগবঢ়োৱা অৱদানক প্ৰশংসা কৰি গাওঁৰক্ষীক সমাজৰ ৰক্ষক আখ্যা দিয়ে ৷ তেওঁ লগতে কয়, গাওঁৰক্ষী বাহিনীৰ সদস্য সকল সমাজ তথা অঞ্চলৰ একো এজন অভিভাৱক হিচাপে নিঃস্বাৰ্থ ভাবে কাম কৰি অহিছে ৷

VDP Rising Day kokrajhar
গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ইয়াৰ সমান্তৰালভাৱে গাঁওৰক্ষী বাহিনীৰ অসম চৰকাৰে আগবঢ়োৱা নূন্যতম মাহিকীয়া ভাট্টা বৃদ্ধিৰ বাবেও মুখ্যমন্ত্ৰীৰে আলোচনা কৰাৰ আশ্বাস দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

VDP Rising Day kokrajhar
গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

মুকলি সভাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক বিষয়া ৰাকেশ ৰৌশন সভাত, আব্দুল বাৰেক আহমেদ, কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ৰজি ৰাণী শৰ্মা, অতিৰিক্ত আৰক্ষী অধিক্ষক (সদৰ) মুকুট ৰাভা, সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক শুভ্ৰজ্যোতি বৰা আৰু উপ আৰক্ষী অধীক্ষক পুনমজ্যোতি নাথ আদি উপস্থিত থাকে ৷

VDP Rising Day kokrajhar
গাঁওৰক্ষী বাহিনীৰ শোভাযাত্ৰা

উল্লেখ্য যে, গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি ফুটবল খেলও আয়োজন কৰা হয় ৷ লগতে অভিৱৰ্তনৰ মুকলি সভাত কোকৰাঝাৰ জিলাৰ চাৰি গৰাকী ভিডিপি সদস্যক শ্ৰেষ্ঠ ভিডিপিৰ বঁটা প্ৰদাণ কৰা হয় ৷

লগতে পঢ়ক: কমলপুৰ সমষ্টিত পুনৰ অগপৰ হৈ সত্যব্ৰত কলিতাই বিচাৰিব প্ৰাৰ্থীত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.