ETV Bharat / state

Lok Sabha Election 2024: 2024 ৰ লোকসভা নিৰ্বাচনত কাৰ কাৰ হ’ব মিত্ৰতা ?

author img

By

Published : Feb 21, 2023, 5:22 PM IST

Lok Sabha Election 2024
’24 ৰ লোকসভা নিৰ্বাচনত কাৰ কাৰ হ‘ব মিত্ৰতা ?

UPPL আৰু BPF ৰ সংঘাতৰ সুযোগ গ্ৰহণ কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত বড়োভূমি দখলৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে (Lok Sabha election 2024) ৷ কিন্তু কোনো দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ নহয় BPF ৷ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ ইফালে বিজেপি আৰু AIUDFৰ পৰা ভূপেন বৰাই ধন লৈ থকাৰ অভিযোগ বদৰুদ্দিন আজমলৰ ৷

BPFৰ সৈতে মিত্ৰতা সন্দৰ্ভত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰ , 21 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ ৷ কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগ এতিয়াও স্পষ্ট হোৱা নাই ৷ বৰ্তমানলৈকে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ অব্যাহত আছে অনিশ্চয়তা ৷ এফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বদৰুদ্দিন আজমলেৰে মিত্ৰতাৰ প্ৰসংগ ৷ কিন্তু AICCৰ সৈতে ভাল সম্পৰ্ক আছে বুলি বাৰে বাৰে দাবী কৰি আহিছে বদৰুদ্দিন আজমলে (Congress AIUDF conflict) ৷

ভূপেন বৰাই সিদ্ধান্ত নিদিলেও যে, কংগ্ৰেছৰ হাইকামাণ্ডৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজমলে যোগাযোগ অব্যাহত ৰাখিছে সেই কথা স্পষ্ট হৈ পৰিছে ৷ কিন্তু লোকসভা নিৰ্বাচনত বড়োভূমিৰ ৰাজনীতিয়ে কি প্ৰভাৱ পেলাব সেয়াও বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বড়ো ভূমিত বিজেপিয়ে বিপিএফ আৰু ইউপিপিএলৰ সংঘাতৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে নেকি (BTR Politics) ?

ইতিমধ্যেই প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ মাজত অব্যাহত আছে সংঘাত ৷ শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীৰ শাসনকালত বিটিআৰত সংঘটিত হোৱা দুৰ্নীতিক লৈ পুনৰ সৰৱ হৈছে প্ৰমোদ বড়ো (BTR Chief Pramod Bodo) ৷ তেনে পৰিস্থতিত হাগ্ৰামা মহিলাৰীয়েও প্ৰমোদ বড়োক আক্ৰমণ কৰিবলৈ এৰা নাই ৷ দুয়োটা দলৰ মাজত এইদৰে সংঘাত অব্যাহত থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অতি তাৎপৰ্যপূৰ্ণভাৱে বড়োভূমিত আমি ভাগ ভাগ হ’ব বিচৰা নাই বুলি মন্তব্য কৰিছে ৷ অৰ্থাৎ বড়োভূমি দখলৰ বাবে মিত্ৰদল UPPL ৰ সৈতে BPF কো সাঙুৰিব ল’ব বিচাৰিছে ৰাজ্যিক বিজেপিয়ে (UPPL and BPF alliance) ৷

কিন্তু ইয়াৰ মাজতে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) স্পষ্টকৈ কয় যে, ‘‘আমি আন দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰোঁ ৷ মিত্ৰতা কৰিলে সমস্যা হয় ৷’’ অৰ্থাৎ আন দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনৰ জয়ৰ কথা বৰ্তমানলৈকে হয়তু চিন্তা চৰ্চা কৰা নাই বিপিএফে (Hagrama Mohilary on alliance with BJP) ৷

লগতে হাগ্ৰামা মহিলাৰীৰ দাবী, কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টি অকলে প্ৰতিদ্বন্দিতা কৰিয়েই নিজৰ দখললৈ আনিব BPF এ ৷ ইফালে, আৰক্ষীৰ ভয়ত বহুদিন ধৰি পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল বুলিও মন্তব্য কৰিছে হাগ্ৰামাই ৷ ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে, প্ৰমোদ বড়োৱে হয়তু টোপনি কাঢ়িছে হাগ্ৰামাৰ ৷ এনে পৰিস্থিতি বড়োভূমিত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম বুলি বিজেপিয়ে কলেও কি হ’ব BPF আৰু UPPLৰ স্থিতি সেয়া এতিয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে (UPPL and BPF conflict) ৷

ধাৰ লৈ হ’লেও হেলিকপ্টাৰত উঠি নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰিম বুলিও উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ হাগ্ৰামাৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কয়, ‘‘তেখেত ধাৰ লৈ হেলিকপ্তাৰ চলায় নে কি কৰে তেওঁৰ কথা । তেওঁৰ কথাবোৰ তেনেকুৱাই । তেওঁ ধাৰ লৈ হেলিকপ্তাৰেৰে প্ৰচাৰ চলাব আৰু আকৌ পাচত চৰকাৰৰ পৰা দিব বুলি কৈছে । এতিয়া সকলোতকৈ ডাঙৰ কথা সমাজখন আগুৱাই নিব লাগে আৰু উন্নয়নৰ কাম কৰিব লাগে ৷’’ BPF ৰ সৈতে মিত্ৰতাক লৈ দলীয়ভাৱে বৰ্তমানলৈকে কোনো আলোচনা হোৱা নাই বুলিও মন্তব্য প্ৰমোদ বড়োৰ ৷

সমান্তৰালভাৱে কংগ্ৰেছ আৰু AIUDF ৰ মাজতো মিত্ৰতাক কেন্দ্ৰ কৰি অব্যাহত আছে অনিশ্চয়তা ৷ কিন্তু তাৰ মাজতেই বদৰুদ্দিন আজমলৰ বিস্ফোৰক অভিযোগ যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে AIUDFৰ সৈতেও ভাল সম্পৰ্ক ৰক্ষা কৰি দুয়োটা দলৰ পৰাই ধন লৈ আছে ৷ অৱশ্যে বদৰুদ্দিন আজমলৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া বৰ্তমানলৈকে প্ৰকাশ কৰা নাই ভূপেন বৰাই ৷ লগতে দিল্লী পৰ্যায়ত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব বুলি মন্তব্য কৰিছে আজমলে ৷ বিজেপিক প্ৰতিহত কৰিবৰ বাবে হাইকামাণ্ডে ইতিম্যেই AIUDFৰ লগত আলোচনা কৰাৰ কথাও সদৰী কৰিছে আজমলে (Congress AIUDF alliance) ৷

ইফালে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো তুলাধুনা বদৰুদ্দিন আজমলৰ ৷ অখিল গগৈক ‘ফাল্টু’ আখ্যা আজমলৰ ৷ ভাগ্যৰ বলতহে এখন আসনত ৰাইজৰ দলে জয়লাভ কৰা বুলিও কটাক্ষ কৰে আজমলে ৷ মুছলমান সমাজক অখিল গগৈয়ে দীৰ্ঘদিন ধৰি বিপথে পৰিচালনা কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে আজমলে ৷

2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া মিত্ৰতা সন্দৰ্ভত এনেদৰেই দেখা দিছে কিছু অনিশ্চয়তাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু AIUDF ৰ মিত্ৰতাক লৈ হোৱা সংঘাত কিমান দিনলৈকে চলি থাকিব সেয়াও সময়তহে হ’ব লক্ষ্যনীয় ৷ সমান্তৰালভাৱে এতিয়া বেচ জমি উঠিছে বড়ো ভূমিৰ ৰাজনীতি ৷

লগতে পঢ়ক: Coal syndicate in Assam: চৰকাৰে কয়লা মাফিয়াক দেহৰক্ষীৰে সুৰক্ষা প্ৰদান কৰিছে : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.