ETV Bharat / state

শিক্ষকৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

author img

By

Published : Sep 3, 2022, 7:57 PM IST

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ(teachers protest in Kokrajhar) ৷ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত গ্ৰহণ দাবী ৷ অন্যথা ৰেলপথ তথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ সন্থাৰ ৷

Non-provincialised school teachers stage protest in Kokrajhar
শিক্ষকৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰ, ৩ ছেপ্টেম্বৰ: সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শনিবাৰে উত্তাল হৈ পৰে বিটিআৰৰ সদৰ কোকৰাঝাৰ(Non provincialised school teachers protest) ৷ বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ লগতে বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকৰ পদ বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিনাচৰ্তে প্ৰাদেশিকীকৰণ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়(Teachers protest in Kokrajhar) ৷ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলৰ নেতৃত্বত কোকৰাঝাৰৰ দৈমালু পথাৰত ৰূপায়িত হোৱা ধৰ্মঘট কাৰ্যসূচীত বিটিআৰ এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ কেইবাশতাধিক শিক্ষকে অংশগ্ৰহণ কৰে ৷

শিক্ষকৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

প্ৰতিবাদকাৰী শিক্ষকসকলে প্ৰাদেশিকীকৰণ আমাক লাগিবই, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী নাৰ্য দাবী আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অপ্ৰাদেশীকৃত শিক্ষক সংগঠনটোৱে বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষা প্ৰতিষ্ঠানসমূহত কৰ্মৰত অৱস্থাত অকাল মৃত্যু ঘটা শিক্ষক-কৰ্মচাৰীৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা, বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰীক এককালীন সাহাৰ্য প্ৰদান কৰাৰ বাবে দাবী জনায় ৷ তেওঁলোকে লগতে বিদ্যালয় প্ৰাদেশিকীকৰণ নোহোৱা পৰ্যন্ত বিটিআৰ চৰকাৰে এফ এ/এফ আই অথবা ফিক্সড পে’ দিয়াৰ ব্যৱস্থা কৰা, অংক আৰু বিজ্ঞান বিষয়ক ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে বিটিআৰ আৰু ৰাজ্য চৰকাৰক দাবী জনায় ৷

ইপিনে সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডল আৰু মুখপাত্ৰ নুৰজামাল শ্বেখে সদৰী কৰা মতে, বিটিআৰ এলেকাত মুঠ ১,২০৬ খন অপ্ৰাদেশীকৃত বিদ্যালয় আছে আৰু এই বিদ্যালয়সমূহত মুঠ ৩,৮২২ গৰাকী শিক্ষক নিয়োজিত হৈ আছে ৷ উক্ত ৩,৮২২ গৰাকী শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিব নোৱাৰাটো প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ চৰম ব্যৰ্থতা ৷ টকাৰ অভাৱত তথা চিকিৎসাৰ অভাৱত ৩১ আগষ্টত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এজন শিক্ষকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছে বুলি উল্লেখ কৰি সন্থাৰ নেতাদ্বয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰে ৷

তেওঁলোকে লগতে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে ৰেলপথ তথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ ইয়াৰ লগতে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ নকৰিলে শিক্ষকসকলে এজন এজনকৈ আত্মহত্যা কৰিবলৈ বাধ্য হ’ব চৰকাৰক ভাবুকি দি ইয়াৰ বাবে বিটিআৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলে সকীয়াই দিয়ে ৷

লগতে পঢ়ক: ৰাজ্যত বন্ধ হ’ল 1710 খন চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.