ETV Bharat / state

কোকৰাঝাৰত ৬৫ বছৰীয়া লোকৰ কামনাৰ বলি মুকবধিৰ কিশোৰী

author img

By

Published : Jul 28, 2021, 8:26 PM IST

কোকৰাঝাৰত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী মুকবধিৰ কিশোৰী । এই ঘটনাৰ পিছতে অভিযুক্ত নগেন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নিৰ্যাতিতাৰ পৰিয়ালে । কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে নগেন দাসক ।

Minor girl raped in Kokrajhar
কোকৰাঝাৰত মুকবধিৰ কিশোৰীক ধৰ্ষণ

কোকৰাঝাৰ, 28 জুলাই : মঙলবাৰে কোকৰাঝাৰৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হয় এক জঘন্য ঘটনা । নগেন দাস নামৰ এজন ৬৫ বছৰীয়া লোকে এগৰাকী মুকবধিৰ কিশোৰীক যৌন নিৰ্যাতন চলায় । ঘটনা সন্দৰ্ভত ইতিমধ্যে নিৰ্যাতিতাৰ পৰিয়ালে ছালাকাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে নগেন দাসক আৰক্ষীয়ে আটক কৰে । কিশোৰীগৰাকীৰ পৰিয়ালে ছালাকাটি আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, ধুবুৰীৰ পালপাৰা গাঁৱৰ নগেন দাসে মঙলবাৰে কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই দুষ্কাৰ্য সংঘটিত কৰে । এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে স্থানীয় ৰাইজে লোকজনক উত্তম-মধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত নগেন দাসক আটক কৰি ছালাকাটি আৰক্ষী চকীলৈ লৈ যায় ।

কোকৰাঝাৰত মুকবধিৰ কিশোৰীক ধৰ্ষণ

জানিব পৰা মতে, চাপৰৰ পৰা চাইকেলেৰে আহি গাঁৱখনৰ ঘৰে ঘৰে গৈ মাছ বিক্ৰী কৰিছিল নগেন দাস নামৰ লোকজনে । মঙলবাৰে ভুক্তভোগীৰ ঘৰতো মাছ বিক্ৰী কৰাৰ অচিলাৰে প্ৰৱেশ কৰিছিল ব্যক্তিজনে । তাৰ পাছত ঘৰত কিশোৰীগৰাকী অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ব্যক্তিজনে এই দুস্কাৰ্য সংঘটিত কৰে ৷

এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত এবিএমছুৰ সভাপতি মহিবুল ইছমাম, ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সম্পাদক আয়নাল হক, নেমছুৰ কোকৰাঝাৰ জিলা সভাপতি অলেবৰ আলী, এবিএমছুৰ জিলা সভাপতি ছহিদুল ইছলামকে ধৰি আন কেইবাগৰাকী নেতাই ছালাকাটি উপ-আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে । মানৱ সমাজক লজ্জানত কৰা এনে ঘটনা কোনো কাৰণতে সহ্য কৰা উচিত নহয় বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনকেইটাৰ নেতৃত্বই । এই গোচৰ ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনকেইটাই ।

লগতে পঢ়ক: হোজাইত এটিএম চুৰিৰ অভিযুক্তলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.