ETV Bharat / state

ডিভাইড অসম 50-50ৰে উত্তাল কোকৰাঝাৰ

author img

By

Published : Nov 25, 2019, 3:02 PM IST

Updated : Nov 25, 2019, 3:32 PM IST

কোকৰাঝাৰত পুনৰ বড়োলেণ্ডৰ দাবীৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত বিশাল জনা সমাৱেশ ৷ ডিভাইড আছাম 50-50 ৰে কোকৰাঝাৰ উত্তাল এবছুৰ ৷

ডিভাইড অসম 50/50 ৰে উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰ,25 নৱেম্বৰ: পুনৰ বড়োলেণ্ডৰ দাবী প্ৰসংগ, কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰসন্থা চমুকৈ এবছুৰ নেতৃত্বত বিশাল জন সমাবেশৰে বিশাল প্ৰতিবাদ । কোকৰাঝাৰ চহৰত বৃহস্পতিবাৰে পৃথক বড়োলেণ্ড ৰাজ্য, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলক ৰাজনৈতিক আৰু অৰ্থনীতিক অধিকাৰ নিশ্চিত কৰা আৰু কাৰ্বি আলং আৰু ডিমাহাছাওত বসবাস কৰা বড়ো সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা আদিৰ দাবীত এবছুৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ উপৰিও বড়োলেণ্ডৰ আন আন সংগ্ৰামী দল ক্ৰমে পিপলছ জয়ণ্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট, এনডিএফবি (পি), এনডিএফবি (আৰ) আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীত ডিভাইড আছাম 50/50, পৃথক বড়োলেণ্ড ৰাজ্য আমাক দিবই লাগিব,বড়োলেণ্ড ৰাজ্য ন'হলে অসম ক্ষান্ত নহয়, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে আকাশ বতাহ উত্তাল কৰে প্ৰতিবাদকাৰী সংগঠন কেইটাৰ লগতে হাজাৰ হাজাৰ জনতাই ৷ এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰে দুটা শাসনকাল পূৰ্ণ হ'বলৈ গৈ আছে কিন্তু নিৰ্বাচনৰ প্ৰাকঃ মূহুৰ্তত দিয়া বিজেপি চৰকাৰৰ কোনো প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নহ'ল

ডিভাইড অসম 50/50 ৰে উত্তাল কোকৰাঝাৰ

লগতে পঢ়ক:তিনিচুকীয়াৰ মুনিনৰ 'প্ৰজ্ঞা'

Intro:পুনৰ বড়োলেণ্ড দাবী প্ৰসংগ, ককৰাঝাৰত বিশাল জোন সোমাবেশ।


নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃত্বত কোকৰাঝাৰ চহৰত পৃথক বড়োলেণ্ড ৰাজ্য, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলক ৰাজনৈতিক আৰু অৰ্থনীতিক অধিকাৰ নিশ্চিত কৰা আৰু কাৰ্বিআলং আৰু ডিমাহাছাওত বসবাস কৰা বড়ো সকলক জনজাতি মৰ্যদা প্ৰধান কৰাৰ দাবীত আজি বিশাল জোন সোমাবেশৰে উত্তাল কৰি তোলে। লগতে আন বড়োলেণ্ড সংগ্ৰামী দল ক্ৰমে পিপলছ জন্ত এক্সন কমিটি ফৰ বড়োলেণ্ড মভমেণ্ট, এনডিএফবি (পি), এনডিএফবি (আৰ) লগতে দল সংগঠনৰ অংশগ্ৰহণ।




Body:"পৃথক বড়োলেণ্ড ৰাজ্য আমাক দিবই লাগিব,বড়োলেণ্ড ৰাজ্য নহলে অসম ক্ষান্ত নহয়,বিজেপি চৰকাৰ হুচিয়াৰ" আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল গঢ়িতোলে৷

এবছুৰ সাধাৰন সম্পাদক লৰেন্স ইছলাৰীয়ে অংশগ্ৰহণ
কৰি বিজেপি চৰকাৰক আঙুলিয়াই কয় যে বিজেপি নেতৃত্ব কেন্দ্ৰীয় চৰকাৰ দুটা সময় পূৰ্ণ হবলৈ গৈআছে কিন্তু নিৰ্বাচনৰ প্ৰাগমহত্ব দিয়া প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নহল।




Conclusion:হাজাৰ হাজাৰ জনতায়ে অংশগ্ৰহণ কৰা এই বিশাল জনসভাই উত্তাল কৰিতোলে বিটিএডি চহৰ কোকৰাঝাৰ।
Last Updated : Nov 25, 2019, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.