ETV Bharat / state

নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত অপহৰণকাৰী

author img

By

Published : Aug 29, 2021, 10:58 AM IST

Kidnapper arrested while going to kidnap minor
নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত অপহৰণকাৰী

প্ৰথমে ছ’চিয়েল মিডিয়াত বন্ধুত্ব আৰু তাৰ পাছত ইউটিউবত বিশ্ববিখ্যাত কৰি তোলাৰ প্ৰতিশ্ৰুতি ৷ শ্বুটিঙৰ ভুৱা প্ৰলোভনেৰে নাবালিকক অপহৰণৰ চেষ্টা চলাওতেই স্থানীয় লোকৰ হাতত আটক ছয়জনীয়া যুৱকৰ দল ৷

কোকৰাঝাৰ, 29 আগষ্ট : ৰাজ্যজুৰি লাভ জেহাদ, প্ৰলোভন অপহৰণক লৈ কেইবাটাও শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ সময়তে কোকৰাঝাৰত দৈব্যক্ৰমে অপহৰণকাণ্ডৰ পৰা ৰক্ষা পৰে এগৰাকী নাবালিকা যুৱতী । কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ এগৰাকী নাবালিকা যুৱতীক বৃহস্পতিবাৰে ভোটগাঁৱৰ মহম্মদ ফাৰুকৰ নেতৃত্বত ছয়জনীয়া এটা দলে অপহৰণ কৰিব বিচাৰোতেই স্থানীয় ৰাইজৰ সজাগতাৰ বাবে দৈব্যক্ৰমে ৰক্ষা পৰে যুৱতীগৰাকী ।

নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত অপহৰণকাৰী

মহম্মদ ফাৰুক আব্দুলাই প্ৰথমে ছ’চিয়েল মিডিয়াত নাবালিকাগৰাকীৰ সৈতে বন্ধুত্ব গঢ়ি তোলে । নৃত্য-গীতত পাৰ্গত যুৱতীগৰাকীক ইউটিউবত বিশ্ববিখ্যাত কৰি তোলাৰ কথা দি যুৱকৰ দলটোৱে এখন বলেৰ'ত উঠাই ভাৰত-ভূটান সীমান্তৰ দিশে ধাৱমান হয় ।

স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি কৌশলেৰে তেওঁলোকক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে ।

পৰিয়ালৰ অজ্ঞাতে নাবালিকাগৰাকীক এনেদৰে শ্বুটিঙৰ ভুৱা প্ৰলোভন দেখুওৱা অজ্ঞাত স্থানলৈ নিবলৈ চেষ্টা কৰা যুৱকৰ দলটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে । ৰহস্যজনকভাৱে উক্ত দলটোৰ সৈতে এগৰাকী গৃহৰক্ষী জোৱানো জড়িত হৈ আছিল । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই ঘটনা সন্দৰ্ভত এখ সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে ৷

বৰ্তমান আৰক্ষীয়ে যুৱককেইজনৰ জেৰা কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : চাঞ্চল্য! বৰভাগত ডিঙি কটা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.