ETV Bharat / state

কোকৰাঝাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ

author img

By

Published : Sep 7, 2022, 2:27 PM IST

কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ (Pramod Boro thanks to CM Himanta Biswa) । বিটিআৰৰ দহখন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ আৰু ৩১ মাৰ্চৰ দিনটো ছাত্র দিৱস হিচাপে পালন কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাটো এক ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro comments on Kokrajhar cabinet) ।

Pramod Borbtr-chief-pramod-boro-comments-on-kokrajhar-cabineto
কোকৰাঝাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ, ৭ ছেপ্টেম্বৰ : কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ (Pramod Boro thanks to CM Himanta Biswa) । বিটিআৰৰ দহখন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ আৰু ৩১ মাৰ্চৰ দিনটো ছাত্র দিৱস হিচাপে পালন কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাটো এক ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro comments on Kokrajhar cabinet) ।

উল্লেখ্য, এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকো তীব্ৰ সমালোচনা কৰে । সংবাদমেলত তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ সময়ত সূতা কম্বল বিতৰণৰ নামত ৩০০ কোটি টকাৰ কেলেংকাৰী হৈছে (Pramod Boro alleged congress on scam) । এই কেলেংকাৰীত জড়িত কোনো ব্যক্তি সাৰি নাযায় বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, উক্ত কেলেংকাৰীৰ সকলো তথ্য সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ তদন্তৰ দায়িত্ব ED, NIA অথবা CBI যিকোনো এটা তদন্তকাৰী সংস্থাক দিয়া হ'ব বুলি প্ৰমোদ বড়োৱে হুংকাৰ দিয়ে । ইয়াৰ উপৰি বিটিআৰত ব্দখল সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে । তেওঁ কয়, বেদখলকাৰীকাৰী ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব ।

কোকৰাঝাৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ

উল্লেখ্য, মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হ’ল হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৈঠক (Cabinet meeting in Kokrajhar) ৷ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকখনত গ্ৰহন কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাজহুৱা কৰে ৷

কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত আৰক্ষী দায়বদ্ধতা আইন প্ৰণয়ন কৰা হ’ব (Police Accountability Act in Assam) ৷ যাৰ জৰিয়তে সাধাৰণ জনতাই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰিব আৰু অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ মাৰ্ঘেৰিটা কয়লা খনিৰ সমস্যাসমূহ দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

দ্বাদশ শ্ৰেণীলৈকে বড়ো ভাষাৰ মাধ্যম প্ৰণয়ন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত কোকৰাঝাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বড়ো মাধ্যমৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ নাথাকিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বড়ো ভাষাৰ শিক্ষক-প্ৰবক্তা নিযুক্তি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে বিটিচি অঞ্চলৰ দহখন মহাবিদ্যালয়ৰ প্ৰাদেশীকীকৰণ কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (10 colleges Provincialise in BTR) ৷ মহাবিদ্যালয়কেইখন প্ৰাদেশীকিকৰণৰ বাবে বিটিআৰ পৰিষদক অসম চৰকাৰে অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷ বিটিআৰৰ পাঁচখন জিলাৰ উন্নয়ণৰ বাবে মুখ্যমন্ত্ৰীৰ গুড উইল মিছনৰ অধীনত ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে অতিৰিক্ত আঢ়ৈশ কোটি চলিত বিত্তীয় বৰ্ষত আৰু বাকী প্ৰয়োজনীয় ধন আগন্তুক বৰ্ষত অনুমোদন জনোৱা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ উক্ত পথসমূহ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব ৷

লগতে পঢ়ক :কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.