ETV Bharat / state

"বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন আৰম্ভ

author img

By

Published : Jul 3, 2019, 4:39 AM IST

"বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন আৰম্ভ

কোকৰাঝাৰত অনুষ্ঠিত হ’ব বড়োলেণ্ড গট টেলেণ্ট ছিজন 1ৰ ফাইনেল, চূড়ান্ত প্ৰতিযোগীয়ে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ ৷

কোকৰাঝাৰ,3 জুলাইঃ আৰম্ভ হ'ল "বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন ৷ প্ৰায় তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই অডিচনত ৷ অচেন এন্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া মূল প্ৰতিযোগিতা খনৰ বাবে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় অডিচন ৷ বিটিএডি অঞ্চলৰ লগতে ৰাজ্যখনৰ পিছ পৰা বিভিন্ন প্ৰান্তৰ কণ-কণ ল'ৰা ছোৱালীৰ প্ৰতিভাক দাঙি ধৰিবলৈ এক মুকলি মঞ্চ দিয়াৰ উদ্দেশ্যেৰে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে "বড়োলেণ্ড গট টেলেণ্ট ছিজন-1"ৰ ৷

"বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন আৰম্ভ

নৃত্য,গীত,অভিনয়,মডেলিং আদিকে ধৰি বিভিন্ন দিশ সামৰি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অডিচনত কোকৰাঝাৰ সদৰ চহৰ উপৰিও জিলাখনৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ তিনি শতাধিক কণ কণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । বিচাৰক মণ্ডলী হিচাবে উপস্থিত থাকে সংগীত পৰিচালক বিষ্ণু শৰ্মা, অভিনেতা শংকৰ কলিতা, ভাইকণ ফুকন, বড়ো অভিনেত্ৰী অঞ্জলী বড়োছা ৷ 3 জুলাইত বাক্সাত দ্বিতীয়, 4 জুলাইত চিৰাংত তৃতীয়, 8 জুলাইত ওদালগুৰি ৰৌতাত চতুৰ্থ আৰু 9 জুলাইত গুৱাহাটীত অন্তিমখন অডিচন অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সঞ্চালক তথা নৃত্য শিল্পী প্ৰলয় কুমাৰ দত্তই ৷

Intro:কোকৰাঝাৰত "বড়োলেণ্ড গট টেলেণ্ট ছেজীন 1" ৰ অডিচন আৰম্ভ: তিনি শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ।

বিটিএডি অঞ্চলৰ লগতে ৰাজ্যখনৰ পিছ পৰা বিভিন্ন প্ৰান্তৰ কণ কণ লৰাছোৱালীৰ মাজত কলা শিল্পীৰ প্ৰতিভাক দাঙি ধৰিবলৈ এক মুকুলি মঞ্চ দিয়াৰ উদ্দেশ্যেৰে পোন প্ৰথমবাৰৰ বাবে "বড়োলেণ্ড গট টেলেণ্ট" নামৰে এক প্ৰতিযোগিতা আৰম্ভ কৰিছে। অচেন ইন্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাৰ বাবে আজি কোকৰাঝাৰত অডিচন হৈ।


Body:নৃত্য, গীত, সংগীত, এক্টটিং, কোমেডি, মডেলিংগ আদিকে ধৰি বিভিন্ন দিশ সামৰি লৈ আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষগৃহত অনিষ্টত হোৱা অডিচনত কোকৰাঝাৰ সদৰ চহৰ উপৰিও জিলাখনৰ বিভিন্ন তথা ভিতৰিয়া অঞ্চলৰ তিনিশতাধিক কণ কণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অডিচন বিচাৰকমণ্ডলী হিচাবে উপস্থিত থাকে সংগীত পৰিচালক বিষ্ণু শৰ্মা, অভিনেতা শংকৰ কলিতা, ভাইকণ ফুকন, বড়ো অভিনেত্ৰী অঞ্জলি বড়োছা।
বড়োলেণ্ড গট টেলেণ্ট ছেজীন 1ৰ সঞ্চালক তথা নৃত্য শিল্পী প্ৰলয় কুমাৰ দত্ত য়ে কৈযে ইয়াৰ প্ৰথমটো অডিচন আজি কোকৰাঝাৰত অনিষ্টত হোৱাৰ বিপৰীতে বুধবাৰ (3 জুলাই) বাক্সাত দ্বিতীয়, 4 জুলাইত চিৰাংত তৃতীয়, 8 জুলাইত ওদালগুৰি ৰৌতাত চতুৰ্থ আৰু 9 জুলাই গুৱাহাটীত অন্তিমখন অদিচন হব।


Conclusion:তাৰপিছতে মেগাঅডিচন আৰু গ্ৰেন ফিনালে খন কোকৰাঝাৰ চহৰত অনিষ্টত হব। ফাইনেলত বিজয়ে শিশুক এক লাখ টকাৰ পুৰুস্কাৰ দিয়া হব বুলি কৈ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.