ETV Bharat / state

Janajati Surkhsa Mancha: নৱ শৰণীয়াৰ জনজাতি প্ৰমাণপত্ৰ ভুৱা, দাবী জনজাতি সুৰক্ষা মঞ্চৰ

author img

By

Published : Dec 24, 2022, 8:10 PM IST

সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি অভিযোগ জনজাতি সুৰক্ষা মঞ্চৰ (fake Tribal Certificate of MP Naba Sarania) ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ-পত্ৰ পৰীক্ষা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীক নিৰ্দেশ প্ৰদান ৷ জনজাতিৰ প্ৰমাণ-পত্ৰ শীঘ্ৰে কৰ্তন কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীৰ প্ৰতি আহ্বান জনজাতি সুৰক্ষা মঞ্চৰ ৷

Naba Sarania
Naba Sarania

কোকৰাঝাৰ, ২৪ ডিচেম্বৰ : কোকৰাঝাৰ ৫নং লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ (Kokrajhar MP Naba Kumar Sarania) জাতিগত প্ৰমাণ-পত্ৰ পৰীক্ষা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীক নিৰ্দেশ প্ৰদান কৰাৰ পিছতেই শনিবাৰে বিয়লি জনজাতি সুৰক্ষা মঞ্চই কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে (fake Tribal Certificate of MP Naba Sarania) ।

জনজাতি সুৰক্ষা মঞ্চৰ (janajati suraksha mancha) সভাপতি জনকলাল বসুমতাৰী আৰু ভাৰপ্ৰাপ্ত সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ ভূৱা বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীয়ে কৰ্তন কৰিলেই সাংসদগৰাকীৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষক অৱগত কৰা হ'ব (Tribal Protection Forum press meet in Kokrajhar) ।

ইয়াৰ উপৰি নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ চলিব আৰু অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ কৰ্তন হ'লেই সাংসদ পদ খাৰিজ হ'ব । তদুপৰি, সাংসদ হৈ থকাৰ সময়ত আদায় লোৱা দৰমহা-সুবিধাও ঘূৰাই দিব লাগিব আৰু নৱ কুমাৰ শৰণীয়া জে'ললৈও যাব লাগিব পাৰে বুলি মন্তব্য জনজাতি সুৰক্ষা মঞ্চৰ ।

উল্লেখ্য যে ২০১৯ চনৰ ১১ জুনত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীত জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ ভুৱা বুলি দাবী কৰি প্ৰমাণ-পত্ৰ খাৰিজ কৰাৰ বাবে আবেদন কৰিছিল (Janaklal Basumotary alleged fake cast certifate of Naba Sarania) । কিন্তু নিৰীক্ষণ কমিটীয়ে তিনিবছৰে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ জনকলাল বসুমতাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি(চি) ৭৫০৮/ ২০২২ নম্বৰৰ লেখ আবেদন দাখিল কৰে আৰু আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court) সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত সিদ্ধান্ত ল'বলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীক দুমাহৰ সময়সীমা প্ৰদান কৰে ।

সাংসদ নৱ কুমাৰ শৰণীয়াৰ পিতৃ বড়ো-কছাৰী সম্প্ৰদায়ৰ নাছিল বুলি দাবী কৰি জনজাতি সুৰক্ষা মঞ্চই আজি সংবাদমেলত কয় যে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীৰ অনুসন্ধান সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে, য'ত নৱ কুমাৰ শৰণীয়াই তেওঁৰ পিতৃ-মাতৃ বড়ো-কছাৰী সম্প্ৰদায়ৰ আছিল বুলি প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই ।

সংবাদমেলত নৱ কুমাৰ শৰণীয়া প্ৰকৃততে বড়ো-কছাৰী নহয় বুলি মন্তব্য কৰি জনজাতি সুৰক্ষা মঞ্চই বড়ো-কছাৰী সম্প্ৰদায়ৰ নামত ভুৱা প্ৰমাণ-পত্ৰ লোৱা সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ শীঘ্ৰে কৰ্তন কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটীৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক :DGP on Crime Rate: মহানগৰীত অপৰাধ ৰোধত ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.