ETV Bharat / state

DGP on Crime Rate: মহানগৰীত অপৰাধ ৰোধত ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

author img

By

Published : Dec 24, 2022, 6:03 PM IST

DGP on Crime Rate
মহানগৰীত অপৰাধ ৰোধত আৰক্ষীৰ ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

গুৱাহাটী মহানগৰীত অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱা এই অপৰাধজনিত ঘটনাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) ৷ পৰিস্থিতি ভাল হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘‘বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা কিছু অপৰাধী গুৱাহাটীলৈ আহি অপৰাধ সংঘটিত কৰি পুনৰ ঘূৰি যায় ৷’’

মহানগৰীত অপৰাধ ৰোধত আৰক্ষীৰ ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

গুৱাহাটী ,২৪ ডিচেম্বৰ: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী(Guwahati becoming the crime hotspot) ৷ প্ৰতিদিনেই গুৱাহাটী মহানগৰীত উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহিছে হত্যা, লুণ্ঠন, প্ৰৱঞ্চনা, চুৰি, ডকাইতি আদি ঘটনা(Crime rate increasing in Guwahati) ৷ স্মাৰ্ট বুলি জাহিৰ কৰি ফুৰা মহানগৰ আৰক্ষীৰ নাকৰ তলতেই গিজগিজাই ফুৰিছে অপৰাধীয়ে ৷

গুৱাহাটীত বৃদ্ধি পাইছে অপৰাধৰ ঘটনা:

গুৱাহাটী মহানগৰীত অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱা এই অপৰাধজনীত ঘটনাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে খোদ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) ৷ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা বিধানসভা চৌহদত সংবাদমাধ্যমৰ আগত মহানগৰীত অপৰাধৰ হাৰ বৃদ্ধি পোৱা বুলি স্বীকাৰ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে((DGP on Guwahati Crime rate) ৷ অপৰাধৰ হাৰ বৃদ্ধি পোৱা বুলি কলেও আত্মপক্ষ সমৰ্থনত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘পৰিস্থিতি ইমান বেয়া হোৱা নাই’’ ৷

অপৰাধীৰ বিৰুদ্ধে চলিছে অভিযান:

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ কেতবোৰ বিশেষ অভিযান চলি আছে বুলিও সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে(Operation against criminal in Guwahati) ৷ পৰিস্থিতি ভাল হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘‘বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা কিছু অপৰাধী গুৱাহাটীলৈ আহি অপৰাধ সংঘটিত কৰি পুনৰ ঘূৰি যায় ৷’’ বহিঃৰাজ্যৰ অপৰাধীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে বঙাইগাঁও আৰু কোকৰাঝাৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ সদৰী কৰে ৷ চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘শুকুৰবাৰে নিশাও আটক কৰা হৈছে প্ৰায় 100 চোৰক ৷’’

বনভোজৰ বতৰত দুৰ্ঘটনা ৰোধৰ বাবে লোৱা হৈছে ব্যৱস্থা:

নৱবৰ্ষত বনভোজৰ সময়ত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে DGP ভাস্কৰজ্যোতি মহন্তই(Strict action to prevent road accident) ৷ নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব জৰিমনা, সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী ৷ অভিভাৱক সকলকো সচেতন হোৱাৰ আহ্বান DGPৰ ৷

এনকাউণ্টাৰ প্ৰসংগত ডিজিপি:

ৰাজ্যত আৰক্ষীৰ দ্বাৰা অপৰাধীৰ ওপৰত গুলীচলনা কৰা প্ৰসংগ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘এই প্ৰসংগত সকলো তথ্য বিধানসভাত দাখিল কৰা হৈছে(DGP on Encounter) ৷ ’’

লগতে পঢ়ক: Assam Assembly winter Session: অসম বিধানসভাত অপৰাধীৰ সমৰ্থনকাৰী আছে: বিধায়ক ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.