ETV Bharat / state

Press Meet of ABSU: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থান প্ৰাপক বঁটা প্ৰদান কৰিব এবছুৱে

author img

By

Published : May 24, 2023, 7:24 PM IST

ABSU press meet at Kokrajhar
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এবছুৰ সংবাদমেল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ বড়ো মাধ্যমৰ বিদ্যালয়ৰ সাফল্যক লৈ আনন্দ আৰু সন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বডোফা হাউছত মঙলবাৰে বিয়লি এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে এক সংবাদমেল সম্বোধন কৰে (ABSU press meet at Kokrajhar) ৷

বড়ো মাধ্যমৰ বিদ্যালয়ৰ সাফল্যক লৈ আনন্দ আৰু সন্তুষ্টি প্ৰকাশ এবছুৰ

কোকৰাঝাৰ, 24 মে’ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ বড়ো মাধ্যমৰ বিদ্যালয়ৰ সাফল্যক লৈ আনন্দ আৰু সন্তুষ্টি প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বডোফা হাউছত মঙলবাৰে বিয়লি এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে এক সংবাদমেল সম্বোধন কৰে (ABSU press meet at Kokrajhar on HSLC result 2023) ৷

সংবাদমেলত এবছুৰ উপ-সভাপতি গৰাকীয়ে কয় যে, বড়ো মাধ্যমৰ বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ মাজতে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ 84.54 শতাংশ হোৱাত গৌৰাম্বিত কৰি তুলিছে বিভিন্ন মহলক ৷ বিগত বৰ্ষৰ তুলনাত এইবাৰৰ বড়ো মাধ্যমৰ উত্তীৰ্ণৰ হাৰ অধিক ৷ এবছুৰ নেতা গৰাকীয়ে জানিবলৈ দিয়া মতে বড়ো মাধ্যমৰ পৰা এইবেলি 16,584 গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে 13,940 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় (ABSU press meet at Kokrajhar) ৷

প্ৰথম বিভাগত উত্তীৰ্ণ হয় 3,503 গৰাকী, দ্বিতীয় বিভাগত 7,603 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় 2,834 গৰাকী শিক্ষাৰ্থী ৷ ইফালে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমত শীৰ্ষ দহটা স্থান প্ৰাপ্ত শিক্ষাৰ্থীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে ৷ 30 মে’ত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থান প্ৰাপ্ত 12 গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে এই কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰা হ’ব বুলি সদৰী কৰিছে এবছুৰ উপসভাপতি গৰাকীয়ে (Press Meet of ABSU) ৷

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিবছৰে প্ৰায় শেষৰ স্থানত থকা চিৰাং জিলাই এইবাৰ শীৰ্ষ স্থান দখল কৰাটো বিটিআৰ তথা আমাৰ বাব ভাল খবৰ বুলি মন্তব্য কৰিছে এবছুৰ উপ-সভাপতি খৌৰমদাও ওৱাৰীয়ে (HSLC result 2023) ৷ ইয়াৰ বাবে জিলাখনৰ শিক্ষা বিষয়া ,শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কাম কৰি অহা চিৰাং জিলা এবছুৰ কৰ্মকৰ্তা সকলক অভিনন্দন জনায় এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি গৰাকীয়ে ৷ উল্লেখ্য যে, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিআৰৰ অন্তৰ্গত চিৰাং জিলাই 88.68 শতাংশ উত্তীৰ্ণ হাৰৰে ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে (All Bodo Students Union ABSU) ৷

লগতে পঢ়ক: BTR Chief Pramod Boro: গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.