ETV Bharat / state

BTR Chief Pramod Boro: গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

author img

By

Published : May 24, 2023, 4:41 PM IST

Goriya Moriya Desi Jatiya Parishad
অধিকাৰ আৰু প্ৰাপ্য চৰকাৰী সা-সুবিধা বিচাৰি বৈঠক

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে বৈঠকত মিলিত ৷ বিটিআৰত গৰিয়া-মৰিয়া দেশী লোকৰ অধিকাৰ আৰু প্ৰাপ্য চৰকাৰী সা-সুবিধা বিচাৰি এই বৈঠক (Goriya Moriya Desi Jatiya Parishad) ৷

গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

কোকৰাঝাৰ, 24 মে’ : বিটিআৰত গৰিয়া-মৰিয়া দেশী লোকৰ অধিকাৰ আৰু প্ৰাপ্য চৰকাৰী সা-সুবিধা বিচাৰি মঙলবাৰে বিয়লি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিয়ে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে এক বৈঠকত মিলিত হয় ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক ( BTR Chief Promad Boro) ৷

বৈঠকত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি শ্বেখ ছেলিম পাটগিৰি , সাধাৰণ সম্পাদক আজিজুল হক , সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহ নৱাজ হুছেইন, গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ প্ৰমুখ্যে পৰিষদৰ বহু নেতা আৰু ইউপিপিএ দলৰ দুই সাধাৰণ সম্পাদক ক্ৰমে ৰাজু নাৰ্জাৰী আৰু মাধৱ ছেত্ৰী উপস্থিত আছিল ৷ বৈঠকত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সাত দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক প্ৰদান কৰা হয় (Goriya Moriya Desi Jatiya Parishad) ৷

উল্লেখ্য যে, স্মাৰক পত্ৰৰ জৰিয়তে বিটিআৰত গৰিয়া-মৰিয়া দেশী লোক সকলক চিনাক্ত কৰণৰ বাবে সুকীয়া জৰীপ চলোৱা, বিটিআৰত গৰিয়া-মৰিয়া দেশী লোকৰ বাৱে নিকায় বোৰ্ড সমূহত আসন সংৰক্ষন ৰখা , বিটিআৰত জনগোষ্ঠীটোক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰা, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, বিটিআৰত বাঘ হাজৰিকা আৰু আলি মেচৰ নামত ভৱন নিৰ্মাণ কৰাৰ লগতে আজানপীৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ দাবী জনায় গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে (Goriya Moriya Desi Jatiya Parishad Meetting) ৷

ইফালে বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহ নৱাজ হুছেইনে বৈঠকত তেওঁলোকৰ দাবীক বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োই সন্মান সহকাৰে গুৰুত্ব প্ৰদান কৰা বুলি জনিবলৈ দিয়ে (Press Meet of Goriya Moriya Desi Jatiya Parishad) ৷

লগতে পঢ়ক: Voters party International:প্ৰতিবাদ মষিমূৰ কৰিবলৈ হঠাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা চৰকাৰৰ: ভোটাৰ্চ পাৰ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.