Voters party International:প্ৰতিবাদ মষিমূৰ কৰিবলৈ হঠাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা চৰকাৰৰ: ভোটাৰ্চ পাৰ্টি

author img

By

Published : May 24, 2023, 10:41 AM IST

voters party international

বিগত কিছু সময় ধৰি চৰকাৰে কামৰ ক্ষেত্ৰত বিভিন্ন সালসলনি ঘটাইছে ৷ কনিষ্টবলৰ পৰা আৰক্ষীৰ ৰদ-বদললৈকে আৰু শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা লৈকে, চৰকাৰৰ প্ৰতিটো কামেই আকস্মিক ৷ সমগ্ৰ অসমতে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ শোকাৱহ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈ থকা সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা কথাটোৱে অৱশ্যে সকলোকে আচৰিত কৰি তুলিছে ৷

গুৱাহাটী, ২4 মে’ : আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ মাজত আৰম্ভ হোৱা প্ৰতিবাদ মষিমূৰ কৰিবলৈ চৰকাৰে কোনো ধৰণৰ আগতীয়া জাননী জাৰি নকৰাকৈ হঠাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বহু অভিভাৱক আৰু শিক্ষাৰ্থীক বিপাঙত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভোটাৰ্চ পাৰ্টিয়ে (Voters party International) । গুৱাহাটীস্থিত চচলৰ সামূহিক ধৰ্ণাস্থলীত আজি ১৭ দিনে অৱস্থান ধৰ্মঘটত বহা ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজ্যিক মূখপাত্ৰ পবিত্ৰ বড়োয়ে আজি প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ কয় যে অসম গাঞ্জা, ড্ৰাগছ, মদ, অপৰাধী আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ৰণ্যভূমিলৈ অৱনমিত হৈছে । এই পৰিস্থিতিয়ে অসমৰ উঠি অহা প্ৰজন্মক পঙ্গু কৰি তুলিব (Voters party International hold protest )।

চৰকাৰৰ এটাৰ পিছত এটা প্ৰচেষ্টা বিফল হোৱাৰ সময়তে, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলে অসমক এক আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছে । কেৱল এক ন্যায়সংগত ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাইহে সমাজৰ পৰা অপৰাধৰ প্ৰৱণতা নিৰ্মূল কৰিব পাৰে (Voters party International in Assam) ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ৰাজ্যিক উপ সভাপতি শিবেন দাসে কয় যে ৰাজ্যজুৰি বৃদ্ধি পোৱা অসমৰ প্ৰলয়ংকৰী বান, অৰ্থনৈতিক বৈষম্য, দুৰ্নীতি আৰু অপৰাধমূলক প্ৰৱণতাৰ বিৰুদ্ধে সমাধান তৈয়াৰ কৰি আমি চৰকাৰৰ সমৰ্থনৰ বাবে অপেক্ষা কৰি আছোঁ ।

শিবেন দাসে লগতে আৰু কয় যে আমাৰ দেশৰ মানুহে এই সামাজিক কুফলবোৰ আঁতৰাবলৈ ব্ৰিটিছৰ পৰা স্বাধীনতা লৈছিল । কিন্তু এইটো দুখজনক যে কোনেও ইয়াৰ সমাধান আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে । সমাজত অৰ্থনৈতিক বৈষম্যৰ ফলত সৃষ্টি হোৱা অপৰাধমূলক প্ৰৱণতাক কেৱল কঠোৰ আইনৰ ভয় আৰু ভাবুকিৰ সৈতে মোকাবিলা কৰিব নোৱাৰি ।

চৰকাৰে আৰু অধিক পলম নকৰাকৈ চৰ্তহীনভাৱে প্ৰদান কৰা নাগৰিকৰ নিম্নতম প্ৰয়োজনীয়তাসমূহ উপভোগ কৰিবলৈ অনুমতি দিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় । মংগলবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ শোণিতপুৰ জিলাৰ বৰচলা ব্লক আৰু মৰিগাঁও জিলা সমিতিৰ প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Siksha setu portal: শিক্ষকে নকৰে সহযোগিতা; অনিৰ্দিষ্ট কাললৈ বন্ধ শিক্ষাসেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.