ETV Bharat / state

কৰিমগঞ্জত নিচাজাতীয় টেবলেটসহ আটক তিনি সৰবৰাহকাৰী

author img

By

Published : May 25, 2021, 4:24 PM IST

Updated : May 25, 2021, 5:48 PM IST

yaba-tablet-seized-in-karimganj-3-arrested
কৰিমগঞ্জত নিচাজাতীয় টেবলেটসহ আটক তিনি সৰবৰাহকাৰী

কৰিমগঞ্জৰ শৰিফনগৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় এক কোটি টকা মূল্যৰ নিচাজাতীয় ইয়াবা টেবলেট ৷ আৰক্ষীয়ে AS 11 H 2073 নম্বৰৰ বলেৰ’ বাহনৰ পৰা জব্দ কৰে এই নিষিদ্ধ টেবলেটখিনি ৷ তদুপৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷

কৰিমগঞ্জ, 25 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কৰিমগঞ্জ সগৰ আৰক্ষীয়েও ড্ৰাগছ মাফিয়াৰ বিৰূদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট ।

কৰিমগঞ্জত নিচাজাতীয় টেবলেটসহ আটক তিনি সৰবৰাহকাৰী

কৰিমগঞ্জ আৰক্ষীৰ এটা বিশেষ দলে গোপন সূত্ৰত পম খেদি অভিযান চলাই কৰিমগঞ্জৰ শৰিফনগৰত এখন AS 11 H 2073 নম্বৰৰ বলেৰ’ বাহনৰ পৰা জব্দ কৰে এক লাখৰো অধিক নিচাজাতীয় ইয়াবা টেবলেট ৷ আৰক্ষীয়ে বাহনখনৰ পৰা জব্দ কৰা নিষিদ্ধ টেবলেটখিনিৰ মূল্য প্ৰায় এক কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷

তদুপৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে: গুলছান আহমেদ, আব্দুল মুনিম আৰু আব্দুল মজিদ ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন লোক কেইজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ডিগবৈত নিচাযুক্ত ড্ৰাগছ ভাং আৰু নগদ ধন সহ তিনিজন লোকক আটক

Last Updated :May 25, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.