ETV Bharat / state

কংগ্ৰেছৰ বাবেহে সীমান্তত এনে বৰ্বৰ ঘটনা সংঘটিত হৈছে : অতুল বৰা

author img

By

Published : Jul 31, 2021, 1:04 PM IST

Updated : Aug 1, 2021, 9:52 AM IST

The border problem is due to the Congress government : Atul Bora
কংগ্ৰেছৰ বাবেহে সীমান্তত এনে বৰ্বৰ ঘটনা সংঘটিত হৈছে : কৃষিমন্ত্ৰী অতুল বৰা

লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে উক্ত ঘটনাৰ সন্দৰ্ভত আওপকীয়াকৈ কংগ্ৰছ (Congress) দলক দোষাৰোপ কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই ৷

কৰিমগঞ্জ, 31 জুলাই : কংগ্ৰেছৰ বাবেহে বৰ্তমান অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে ৷ কংগ্ৰেছ তথা বিৰোধী দলেহে অসম-মিজোৰাম সীমাক লৈ বিভিন্ন অভিযোগ উত্থাপন কৰিছে ৷ শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হৈ এই মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Agriculture Minister Atul Bora) ৷ সংবাদ মাধ্যমৰ আগত তেঁও মত প্ৰকাশ কৰি কয় যে, কংগ্ৰেছ চৰকাৰেহে অসমত সীমান্ত সমস্যাৰ সৃষ্টি কৰিছিল ৷ কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ গঠন কৰাৰ সময়তেই সৃষ্টি কৰিছিলে এই সমস্যা ৷

ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত থকাৰ সময়তে প্ৰতিবেশী ৰাজ্যই অসমৰ ভূমি দখল কৰিছিল বুলি মন্তব্য কৰে অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ বৰ্তমান বিজেপি (BJP) মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ সীমান্তসমূহত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰিছে ,তাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে ।

কংগ্ৰেছৰ বাবেহে সীমান্তত এনে বৰ্বৰ ঘটনা সংঘটিত হৈছে : কৃষিমন্ত্ৰী অতুল বৰা

"আমি নীৰৱ হৈ বহি থাকিলে সীমান্তত শান্তি অব্যাহত থাকিল হয় । কংগ্ৰেছ চৰকাৰ যেতিয়া ক্ষমতাত আছিল, তেতিয়া সীমান্ত অঞ্চলত কোনো উন্নয়নমূলক কামত হাত দিয়া নাছিল । তাৰ বাবেই ৰাজ্যৰ বিভিন্ন সীমান্তত ভূমি বেদখলৰ ঘটনা বৃদ্ধি পাইছিল ৷" এনদৰে বিৰোধী দলক তীব্ৰ কটাক্ষ কৰে অতুল বৰাই ৷

লগতে পঢ়ক - সীমান্ত সমস্যাৰ নেপথ্যত কংগ্ৰেছ দল: কৃষিমন্ত্ৰী অতুল বৰা

আনহাতে, কৰিমগঞ্জ সীমান্তত মিজোৰামৰ বেদখলৰ বিভিন্ন সমস্যাকলৈ এখন বৈঠকো অনুষ্ঠিত হয় । এই বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ বন তথা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Forest Minister Pirimal Suklaybaidya) ,পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ লগতে জিলাখনৰ বহু শীৰ্ষ বিষয়াসকল । ইয়াৰ পূৰ্বে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৰিমগঞ্জ চহৰৰ ১২ নং ওৱাৰ্ডত প্ৰধান মন্ত্ৰী আৱাস গৃহ দুটাৰো আধাৰশিলা স্থাপন কৰে ।

ইফালে কৰ'ণাত মৃত্যু হোৱা দৰিদ্ৰ লোক সকলৰ পৰিয়াল সমূহৰ লগতে কৰ'ণাত স্বামীহাৰা হোৱা মহিলা সকলৰ বাবেও চৰকাৰে এককালীন অৰ্থ সাহাৰ্য ঘোষণা কৰে চৰকাৰে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ সমূহৰ দৰে মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধবা সহায় আঁচনি (CM's Covid-19 Widow Scheme) অধীনত কৰিমগঞ্জতো শুকুৰবাৰে (Karim Ganj) বহু কেইগৰাকী বিধবা মহিলালৈ প্ৰদান কৰা হয় চেক ৷

লগতে পঢ়ক -সীমা সন্দৰ্ভত অসম-নাগালেণ্ড প্ৰশাসনৰ মাজত বৈঠক

Last Updated :Aug 1, 2021, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.