ETV Bharat / state

Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কাছাৰ জিলা কংগ্ৰেছৰ

author img

By

Published : Jun 23, 2023, 10:57 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শিলচৰত জিলা কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন জিলা কংগ্ৰেছৰ ৷ সংবাদমেলত কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে মন্তব্য কৰে যে, যদি বৰাকৰ ৰাইজৰ স্বাৰ্থত বিজেপিৰ বিধায়কসকলে পদত্যাগ কৰে তেন্তে বৰ্তমানৰ কংগ্ৰেছৰ বিধায়কসকলেও আগবাঢ়ি আহি পদত্যাগ কৰিব ৷

Press Meet in Silchar District Congress Office
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তীব্ৰ অসন্তষ্টি

শিলচৰত জিলা কংগ্ৰেছ ভৱনত সংবাদমেল

কৰিমগঞ্জ, 23 জুন: নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন, ৰাইজৰ মাজত অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ কোনোৱে এই প্ৰক্ৰিয়াক লৈ অসন্তষ্টি প্ৰকাশ কৰাৰ বিপৰীতে কোনোৱে এই প্ৰক্ৰিয়াক আদৰণি জনাইছে ৷ ইতিমধ্যে কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলে এই খচৰাক লৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰিছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত শিলচৰত জিলা কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন শিলচৰ জিলা কংগ্ৰেছ আৰু কাছাৰ জিলা কংগ্ৰেছৰ ৷ সংবাদমেলত কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে মন্তব্য কৰে যে, যদি বৰাকৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত বিজেপিৰ বিধায়কসকলে পদত্যাগ কৰে তেন্তে বৰ্তমানৰ কংগ্ৰেছৰ বিধায়কসকলেও আগবাঢ়ি আহি পদত্যাগ কৰিব ৷

শুকুৰবাৰে শিলচৰ জিলা কংগ্ৰেছ ভৱনত আয়োজিত সংবাদমেলত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে বৰাক উপত্যকা ধ্বংস কৰাৰ চেষ্টা চলাইছে ৷ লগতে নেতাজনে কয় যে, বিজেপি দলে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা প্ৰস্তুত কৰিছে ৷ এই কাৰ্যই বৰাকক ধ্বংস কৰিব বুলিও কয় তেওঁ ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে সমগ্ৰ বৰাক উপত্যকাক বিপদত পেলাইছে বুলি মন্তব্য কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সকলোকে ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে ৷ লগতে বিজেপিৰ বৰ্তমানৰ বিধায়ক আৰু সাংসদসকলক বৰাকৰ ভৱিষ্যতৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আগবাঢ়ি আহি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ঐক্যবদ্ধভাৱে যোগদান কৰিবলৈ আহ্বান জনায় ৷

শুকুৰবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলত বিধায়ক মিছবাহুল ইছলাম লস্কৰ, প্ৰাক্তন বিধায়ক আতৌৰ ৰহমান মাজহৰভূঞা, অৰুণ দত্ত মজুমদাৰ, অভিজিৎ পাল, সঞ্জীৱ ৰায়, শ্বৰীফুজ্জামান লস্কৰকে ধৰি কাছাৰ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বিভিন্ন কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত শতাধিক সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.