ETV Bharat / state

Miscreants burn an ancient temple: দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ৰাতাবাৰীৰ ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:54 AM IST

Miscreants burnt an ancient temple in karimganj
মন্দিৰ জ্বলাই দিলে

ৰাতাবাৰী কেন্দ্ৰৰ দুল্লভছড়া গাঁও পঞ্চায়তৰ দামছড়া পুঞ্জীত ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰটো নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ৷ সবিশেষ আগলৈ-

মন্দিৰ জ্বলাই দিলে

কৰিমগঞ্জ, 8 নৱেম্বৰ : কৰিমগঞ্জৰ ৰাতাবাৰী কেন্দ্ৰত শতিকা পুৰণি শিৱ আৰু নাৰায়ণৰ মন্দিৰ জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে । ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে দুল্লভছড়াৰ দামছড়া জনজাতি গাঁৱত । জিলা দণ্ডাধীশ আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক উপস্থিত হয় ঘটনাস্থলীত । মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী ।

ৰাতাবাৰী কেন্দ্ৰৰ দুল্লভছড়া গাঁও পঞ্চায়তৰ দামছড়া পুঞ্জীত ১৮০০ শতিকাৰ প্ৰাচীন মন্দিৰটো নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে । ১৮০০ চনত প্ৰয়াত দেৱী ৰাম বৰ্মনে আদিবাসী গাঁওখনত এটা মন্দিৰ প্ৰতিষ্ঠা কৰে । সেই মন্দিৰৰ দুটা কোঠাত শিৱ পাৰ্বতী আৰু লক্ষ্মী নাৰায়ণৰ মূৰ্তি স্থাপন কৰা হৈছিল । প্ৰাচীন মন্দিৰত জনজাতীয় লোকসকলে শ শ বছৰ ধৰি উপাসনা কৰি আহিছে । সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে মন্দিৰত জুই লগাই দিয়ে । মন্দিৰত থকা শিৱ পাৰ্বতী আৰু লক্ষ্মী নাৰায়ণৰ শতিকা পুৰণি মূৰ্তি জ্বলি ক’লা হৈ যায় ৷ তাৰ লগতে মন্দিৰত থকা বহু সংখ্যক সৰীসৃপৰ জুইত জ্বলি মৃত্যু হৈছে ৷

স্থানীয় লোকে মঙলবাৰে পুৱা তালৈ গৈ মন্দিৰ আৰু মন্দিৰৰ ভিতৰৰ মূৰ্তিবোৰ জ্বলি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । স্থানীয় লোকে জনোৱা মতে, মন্দিৰৰ সমীপত তিনিটা সৰু সৰু প্লাষ্টিকৰ গেলন পোৱা গৈছে । সেই গেলনৰ পৰা পেট্ৰলৰ গোন্ধ পাই‌ তেওঁলোকে । জনজাতীয় হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত দিবলৈ দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে মন্দিৰত জুই লগাইছে বুলি তেওঁলোক নিশ্চিত । স্থানীয় লোকসকল ক্ৰোধত ক’ব নোৱাৰা হৈ পৰে । মন্দিৰৰ মূৰ্তি জ্বলাই দিয়াৰ ফলত মন্দিৰ চৌহদত উপস্থিত হৈ সকলোৰে চকুলো উপচি পৰে ৷

উল্লেখযোগ্য যে, বন বিভাগৰ অনুমতি সাপেক্ষে শ শ বছৰ ধৰি দামছড়া পুঞ্জীত জনজাতীয় লোকে বসবাস কৰি আহিছে । কিন্তু যোৱা কেইবছৰমানৰ পৰা আন সম্প্ৰদায়ৰ লোকে বলপূৰ্বকভাৱে তেওঁলোকৰ মাটি দখল কৰি ঘৰ সাজিছিল । কিছুদিন আগতে আদিবাসীসকলৰ আবেদনত চৰকাৰে অন্য সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ ভাঙি পেলাইছিল । কিন্তু তেওঁলোক সেই ঠাইৰ পৰা আঁতৰি নগ’ল, আনকি গাঁওখনৰ সংৰক্ষিত বনাঞ্চলত তেওঁলোকে আকৌ বসবাস কৰিবলৈ আৰম্ভ কৰে ৷ ফলতে দুয়োটা সম্প্ৰদায়ৰ মাজত প্ৰায়ে কাজিয়া চলি আহিছে । কিন্তু উচ্ছেদৰ সৈতে মন্দিৰ জ্বলোৱাৰ কিবা সম্পৰ্ক আছে নে নাই সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

অৱশ্যে এই ঘটনাক সনাতন ধৰ্মৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে বিজেপিৰ দুল্লভছড়া মণ্ডলৰ সভাপতি জিতেন্দ্ৰ লাল ৰায়ে । দামছড়াৰ শতিকা পুৰণি মন্দিৰ জ্বলোৱাৰ ফলত দামছড়াকে ধৰি আশে-পাশে থকা অঞ্চলসমূহত চেপা উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনাটোৱে যাতে বেলেগ ৰূপ নলয় বা কোনো ধৰণৰ হিংসাত্মক ঘটনা বিয়পি নাযায় তাৰ বাবে অৰ্ধসামৰিক বাহিনী লৈ ঘটনাস্থলীত টহল দি আছে ৰাতাবাৰীৰ অ’চি উত্তম অধিকাৰীয়ে ৷

কৰিমগঞ্জৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক তাত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । সনাতন হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত কৰা দুষ্কৃতিকাৰীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় জনজাতীয় ৰাইজৰ লগতে ৰাতাবাৰী কেন্দ্ৰৰ বিজেপি নেতাসকলে ।

লগতে পঢ়ক : CM vigilance raid: বিধায়ক কমলাক্ষৰ ঘৰত চলিল মুখ্যমন্ত্ৰী তদাৰকী কোষ-জি এছ টি বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.