ETV Bharat / state

কৰিমগঞ্জ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 18, 2019, 2:38 PM IST

কৰিমগঞ্জ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

চিকিৎসালয়ত উপস্থিত হৈ কমৰুলৰ আত্মীয়ই এয়া আত্মহত্যা নহয় বুলি অভিযোগ কৰি কোনো হত্যাকাৰীয়ে কমৰুলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে বুলি মন্তব্য কৰে ।

কৰিমগঞ্জ,১৮ জুন : কৰিমগঞ্জৰ বাৰইগ্ৰামত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে । মঙলবাৰে পুৱা জিলাখনৰ বাৰইগ্ৰাম এলাকাৰ ধলছড়াত,চিপ লোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ। মৃতলোকজন কমৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।

কৰিমগঞ্জ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চিকিৎসালয়ত উপস্থিত হৈ কমৰুলৰ আত্মীয়ই এয়া আত্মহত্যা নহয় বুলি অভিযোগ কৰি কোনো হত্যাকাৰীয়ে কমৰুলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে বুলি মন্তব্য কৰে। মৃতকৰ আত্মীয়ই জনোৱা অনুসৰি কমৰুল ইছলামৰ মৃতদেহ যদিও চিপ লোৱা অবস্থাত উদ্ধাৰ হয়,কিন্তু মৃতদেহটো উলমি থকাৰ পৰিৱৰ্তে ভৰি দুটা মাটিতে লাগি আছিল। ইপিনে হত্যাকাৰীয়ে হেনো এদিন পূৰ্বেই কমৰুলক হাত ভৰি কাটি পেলাই দিয়াৰ ভাবুকি দিছিল। গাঁওখনৰ ছকত উদ্দিনে কমৰুলক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰে পৰিয়ালৰ লোকে। তেওঁলোকৰ অভিযোগ অনুসৰি ছকত আলীৰ এগৰাকী কন্যা কিছুদিন ধৰি কমৰুল ইছলামৰ ঘৰলৈ অহাযোৱা কৰিছিল। তেনে সময়তে যুৱতী গৰাকী এজন যুৱকৰ স'তে পলাই যোৱাত ছকত আলীয়ে কমৰুলক সন্দেহ কৰে। আৰু কমৰুলে তেওঁৰ কন্যাক পলুৱাই পঠিওৱাৰ ব্যবস্থা কৰি দিছে বুলিও তেওঁ কমৰুলক ভাবুকিও প্ৰদান কৰিছিল। আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত চিকিৎসালয়খনত কৰিমগঞ্জৰ উপ আৰক্ষী অধিক্ষক উপস্থিত হয় ঘটনাৰ সঠিক তদন্ত হ'ব বুলি মৃতকৰ পৰিয়ালক আশ্বস্ত কৰে ।

Intro:Body:SLUG: SUSPECTED DEATH, KARIMGANJ
কৰিমগঞ্জৰ বাৰইগ্ৰামত সংঘটিত হৈছে ৰহস্যজনক ঘটনা । চিপ লোৱা অবস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ । আত্মীয়ৰ অভিযোগ লোকজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে হত্যাকাৰিয়ে । হত্যাকাৰিয়ে হেনু এদিন পূৰ্বেই ভাবুকি দিছিল হাত ভৰি কাটি পেলাই দিয়াৰ । মংগলবাৰ পোৱাৰ ভাগত কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম এলাকাৰ ধলছড়াত পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চিপ লোৱা অবস্থাত কমৰুল ইছলামৰ মৃতদেহ । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত পঠাই দিয়ে । চিকিত্সালয়ত উপস্থিত হৈ মৃতকৰ আত্মীয়য় এয়া হত্যা বুলি অভিযোগ কৰে | কয়, কমৰুল ইছলামৰ মৃতদেহ যদিও উদ্ধাৰ হয় চিপ লোৱা অবস্থাত, কিন্তু মৃতদেহটোৰ উলমি নেথাকি ভড়িদুটা মাটিতে লাগি আছিল । মৃতকৰ আত্মীয়য় গাওঁৰে ছকত আলীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰে । তেওঁলোকে অভিযোগ উত্থাপন কৰি কয়, ছকত আলীৰ এগৰাকি ছোৱালি কেইদিন ধৰি কমৰুল ইছলামৰ ঘৰত অহাযোৱা কৰি আছিল । কিন্তু ছোৱালিজনী এগৰাকি যুবকৰ সৈতে পলাই গলে ছকত আলীয়ে উভতি ধৰে কমৰুলক । কমৰুলে তেওঁৰ ছোৱালিক পলাই যোৱাৰ ব্যবস্থা কৰি দিছে বুলি কৈ ভাবুকি প্ৰদান কৰিব ধৰে । যোৱাকালিও হেনু কমৰুলৰ হাত, ভড়ি, মুৰ কাটি পেলুৱাৰ ভাবুকি দিছিল তেওঁৰ ভাতৃক |
চিকিত্সালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্ঠি হলে উপস্থিত কৰিমগঞ্জৰ উপ আৰক্ষী অধিক্ষকগৰাকি । তেওঁ ঘটনাৰ সঠিক তদন্ত হব বুলি আশ্বস্থ কৰে মৃতকৰ পৰিৱালক ।

                                     কৰিমগঞ্জ, ১৮-০৬-১৯Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.