ETV Bharat / state

বোৱাৰীৰ অত্যাচাৰত আহত হৈ আৰক্ষী চকী পালেহি বৃদ্ধা

author img

By

Published : May 8, 2022, 8:28 PM IST

সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷ বোৱাৰীয়েকৰ অত্যাচাৰৰ বলি হৈ আহত শৰীৰেৰে আৰক্ষী চকীত উপস্থিত হৈছে এগৰাকী বৃদ্ধা (Tortured by daughter in law in Karimganj) ৷ দীৰ্ঘদিনৰে পৰা বিভিন্ন কাৰণত বোৱাৰীয়েকে শাৰীৰিক অত্যাচাৰ কৰি অহা বুলি অভিযোগ তুলিছে বৃদ্ধাগৰাকীয়ে ৷

Tortured by Daughter in Law
বোৱাৰীয়েকৰ প্ৰহাৰত আঘাতপ্ৰান্ত হৈ আৰক্ষী চকীত উপস্থিত এগৰাকী বৃদ্ধা

কৰিমগঞ্জ, 8 মে’: কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ বৰবালিয়াত জঘন্য কাণ্ড । জ্যেষ্ঠ পুত্ৰৰ বোৱাৰীৰ শাৰীৰিক-মানসিক অত্যাচাৰৰ বলি শাহু (Tortured by daughter in law in Karimganj)। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল নিৰ্যাতিতা বৃদ্ধা শাহু । অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা নিজ বোৱাৰীয়েকে চঞ্চলা মালাকাৰ নামৰ বৃদ্ধাগৰাকীক মাৰপিট কৰি আহিছে ।

শনিবাৰে বিয়লি খোৱাপানীক লৈও কাজিয়াৰ সূত্ৰপাত হয় শাহু-বোৱাৰীৰ মাজত । বোৱাৰী ছুপ্ৰীতা মালাকাৰে মাৰপিট কৰাৰ লগতে হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে । কনিষ্ঠ পুত্ৰৰ বোৱাৰীয়েকে ঘটনাটো দেখা পাই 70 বছৰীয়া চঞ্চলা মালাকাৰক উদ্ধাৰ কৰে বুলি জানিবলৈ দিছে ।

বোৱাৰীয়েকৰ প্ৰহাৰত আঘাতপ্ৰান্ত হৈ আৰক্ষী চকীত উপস্থিত এগৰাকী বৃদ্ধা

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চঞ্চলা মালাকাৰক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । বৃদ্ধাগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ইতিমধ্যে চেৰাগী আৰক্ষীৰ অনুসন্ধান চকীত(Cheragi police patrol post) গোচৰ দাখিল কৰা হৈছে অভিযুক্ত বোৱাৰীগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক: বৰপেটাৰ জনীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ: চাবুৱাত দুটিকৈ শিশুৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.