ETV Bharat / state

Viral Audio Case: ভাইৰেল অডিঅ’ কাণ্ডৰ এটা গোচৰত জামিন লাভ প্ৰাক্তন বিজেপি নেতা লাচিত গগৈৰ

author img

By

Published : Aug 2, 2023, 8:22 PM IST

ভাইৰেল অডিঅ’ গোচৰত জামিন লাভ কৰিলে অ’বিচি মৰ্চাৰ প্ৰাক্তন সভাপতি লাচিত গগৈয়ে ৷ কিন্তু খটখটী থানাৰ এটা গোচৰত এতিয়াও তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে এতিয়াও লাচিত গগৈৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই ৷

Viral Audio Case
Viral Audio Case

এটা গোচৰত জামিন লাভ প্ৰাক্তন বিজেপি নেতা লাচিত গগৈৰ

ডিফু, ২ আগষ্ট: ভাইৰেল অডিঅ’ ঘটনাৰ এটা গোচৰত জামিন লাভ কৰিলে অ’বিচি মৰ্চাৰ প্ৰাক্তন সভাপতি লাচিত গগৈয়ে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে আটাছুৰ প্ৰাক্তন সভাপতি মিলন বুঢ়াগোঁহাই আৰু বিজেপিৰ প্ৰাক্তন অ’বিচি মৰ্চাৰ সভাপতি লাচিত গগৈৰ মাজত চুপাৰি ছিণ্ডিকেট কাৰ্বি আংলঙৰ মাজেৰে চলোৱাক কেন্দ্ৰ কৰি হোৱা এক ভাইৰেল অডিঅ’ই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

আটাছুৰ নেতা মিলন বুঢ়াগোহাঁই আৰু বিজেপিৰ অবিচি মৰ্চাৰ নেতা লাচিত গগৈৰ মাজৰ ভাইৰেল হোৱা বাৰ্তালাপত লাচিত গগৈয়ে আটাছুৰ নেতা মিলন বুঢ়াগোহাঁইক ধন প্ৰদানৰ কথা উল্লেখ কৰাৰ লগতে লাচিত গগৈয়ে প্ৰদান কৰা ধনৰ পৰা ১২ লাখ ৫০ হাজাৰ টকা কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু ২ লাখ টকা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক দিয়াৰ কথা উল্লেখ আছিল ।

এই ভাইৰেল অডিঅ’ ক্লিপৰ বাবেই কাৰ্বি আংলং জিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হৈছিল বিজেপিৰ প্ৰাক্তন নেতা লাচিত বুঢ়াগোহাঁই । এই অডিঅ’ বাৰ্তালাপত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকগৰাকীক জিলাখনৰ মাজেৰে ছিণ্ডিকেট চলোৱাৰ বাবে ধন প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

এই সংক্ৰান্তত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে ৰুজু কৰা গোচৰ সন্দৰ্ভত যোৱা ২২ তাৰিখে গ্ৰেপ্তাৰ হোৱা লাচিত গগৈক বুধবাৰে ডিফুৰ ন্যায়িক আদালতে জামিন মঞ্জুৰ কৰে ৷

কিন্তু খটখটী আৰক্ষী থানাত গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এটা গোচৰত জামিন লাভ নকৰা বাবে গগৈ মুক্ত আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল । উল্লেখ্য যে এই গোচৰত মূল অভিযুক্তৰূপে চিহ্নিত হোৱা আটাছু নেতা মিলন বৰগোহাঁই এতিয়াও আৰক্ষীৰ জালৰ পৰা বাহিৰত আছে ৷ জানিব পৰা মতে সম্প্ৰতি বিদেশত আত্মগোপন কৰি থকা মিলন বুঢ়াগোহাঁই আৰু বোকাজানৰ দুগৰাকী সাংবাদিকৰ গ্ৰেপ্তাৰেহে এই ভাইৰেল অডিঅ’ত থকা প্ৰকৃত তথ্য পোহৰলৈ আনিব ।

লগতে পঢ়ক: Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.