ETV Bharat / state

ঋণ দিয়াৰ প্ৰলোভনেৰে মহিলাক ধৰ্ষণ

author img

By

Published : May 13, 2022, 10:55 PM IST

two-accused-of-raping-woman-by-making-obscene-videos
ঋণ দিয়াৰ প্ৰলোভনেৰে মহিলাক ধৰ্ষণ

শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাত ৷ মহিলাৰ অশ্লীল ভিডিঅ' বনাই ধৰ্ষণ কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ(Two accused of raping woman by making obscene videos) ৷

ডিফু, ১৩ মে : কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ মহিলাৰ অশ্লীল ভিডিঅ' তৈয়াৰ কৰাৰ লগতে ধৰ্ষণৰ অভিযোগ (Two accused of raping woman by making obscene videos)৷

উল্লেখ্য যে, কাৰ্বি আংলঙৰ বহুকেইগৰাকী মহিলাক ঋণ দিয়াৰ প্ৰলোভন দি ডিফুৰ বন্ধুৰ সহায়ত ক্ষেত্ৰীৰ এজন শিক্ষকে দীৰ্ঘদিনৰ পৰাই এনে অপকৰ্ম চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্ত দুজনে ডিফুস্থিত বিৰলাত ভাড়াঘৰত থাকি মহিলাসকলক বিভিন্ন প্ৰলোভনৰ জালত পেলাই লৈ গৈছিল কামৰূপৰ ক্ষেত্ৰীলৈ ৷ সেই স্থানতেই বহু নিৰিহ মহিলা শিক্ষকজনৰ কামনাৰ বলি হোৱাৰ ভয়াৱহ অভিযোগ উত্থাপিত হৈছে ৷

two-accused-of-raping-woman-by-making-obscene-videos
ঋণ দিয়াৰ প্ৰলোভনেৰে মহিলাক ধৰ্ষণ

ইফালে এই ঘটনাৰ পিচতে ভুক্তভোগী মহিলাসকলে ডকমকাত নিজৰ চিকিৎসা কৰাই অৱশেষত জিলাখনৰ অগ্ৰণী মহিলা সংগঠন কেডব্লিউজেএফক সকলো বিৱৰি কয় ৷ ইয়াৰ পিচতে কেডব্লিউজেএফৰ তৎপৰতাত ভুক্তভোগী মহিলাসকলে ডিফু থানাত এক গোচৰ ৰুজু কৰে ৷

two-accused-of-raping-woman-by-making-obscene-videos
ঋণ দিয়াৰ প্ৰলোভনেৰে মহিলাক ধৰ্ষণ

ইফালে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ৩৩/২২ নম্বৰত এক গোচৰ ৰুজু কৰি ক্ষেত্ৰীৰ ৰিংকু বৰ্মণ আৰু ডিফু বিৰলাৰ ৰিচিম বে'কক আটক কৰে আৰক্ষীয়ে ৷ আনহাতে প্ৰাথমিক জেৰাত দুই অভিযুক্তই সমগ্ৰ দোষ স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

সম্প্ৰতি দুয়োজনকে ডিফু আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে মহিলা সংগঠন কেডব্লিউজেএফৰ সভানেত্ৰী বিউলিট বে'পীয়ে দোষীক উপযুক্ত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : মৰিয়নীত বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.