ETV Bharat / state

মৰিয়নীত বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা !

author img

By

Published : Feb 22, 2022, 3:25 PM IST

শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে মৰিয়নীৰ এখন বিদ্যালয়ত । বিজ্ঞান শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী (Teacher sexually assaulted student at Mariani)। ন্যায় বিচাৰি অধ্যক্ষৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে ।

Jorhat
মৰিয়নীত লম্পট শিক্ষকৰ কু কৰ্ম

যোৰহাট,২২ ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে লজ্জাজনক ঘটনা । অভিযোগ অনুসৰি, শিক্ষকৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম ছাত্ৰী (Teacher sexually assaulted student at Mariani)। মৰিয়নীৰ ৰেলৱে হাইস্কুলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে বিজ্ঞান বিভাগৰ শিক্ষকৰ বিৰুদ্ধে ।

মৰিয়নীত লম্পট শিক্ষকৰ কু কৰ্ম

প্ৰাৰ্থ সাৰথি ভট্টাচাৰ্য নামৰ মৰিয়নী ৰেলৱে হাইস্কুলৰ বিজ্ঞানৰ শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক শ্ৰেণীকোঠাতে সহপাঠীৰ সন্মুখতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ছাত্ৰীগৰাকী লগতে সহপাঠী আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালৰ । ইতিমধ্যে, ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে যদিও প্ৰধান শিক্ষক ৰথীন্দ্ৰ কুমাৰ দে'ই সম্পূৰ্ণ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷

ইফালে লম্পট শিক্ষকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে অভিভাৱকসকল । শিক্ষক সমাজক লজ্জানত কৰা এনে ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া বিদ্যালয়খনলৈ নিজৰ সন্তানক পঠিয়াবলৈও চিন্তা কৰিবলগীয়া হৈছে অভিভাৱকসকলে । ন্যায় বিচাৰি অহা ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে অতি শীঘ্ৰে লম্পট শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক :Murder at Bokakhat: বোৱাৰীয়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল বৰজনাকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.