ETV Bharat / state

Tuliram Ronghang Releases 20 Books: ডিফুত একেদিনা নবীন আৰু উদ্যমী লেখকৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন

author img

By

Published : Aug 15, 2023, 6:01 PM IST

Tuliram Ronghang Releases 20 Books
ডিফুত একেদিনা নবীন আৰু উদ্যমী লেখকৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ডিফুত একেদিনা উন্মোচন কৰে নবীন আৰু উদ্যমী লেখকৰ ২০ খনকৈ গ্ৰন্থ ৷ গ্ৰন্থৰ লেখক-লেখিকাসকলৰ প্ৰত্যেককে ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ৷

ডিফুত একেদিনা নবীন আৰু উদ্যমী লেখকৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন

ডিফু, ১৫ আগষ্ট: ডিফুৰ ৰাংচিনা চাৰপ' কালচাৰেল হলত সোমবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ প্ৰায় ২০ গৰাকীকৈ নবীন আৰু উদ্যমী লেখকৰ ২০ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে উন্মোচন কৰে গ্ৰন্থকেইখন ৷ গ্ৰন্থকেইখন উন্মোচনৰ পূৰ্বে নবীন আৰু উদ্যমী লেখকসকলক কাৰ্বি পহ' আৰু একোখনকৈ প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

ডিফু লৰুলাংচস্থিত ৰাংছিনা ছাৰপ' কালচাৰেল হলত জাম্বলী লিটাৰেৰেৰী ফাউণ্ডেছন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি লাম্মেট আমেইৰ দ্বাৰা আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ লগতে বিধায়ক বিদ্যাছিং ইংলেঙ, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ', কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচিকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট সাহিত্যিক আৰু সুধীসকল উপস্থিত থাকে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত ঐতিহাসিকভাৱে একেদিনাই ২০ খনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই তেওঁ যথেষ্ট সুখী বুলি উল্লেখ কৰে ৷ তেওঁ পূৰ্বে ঘোষণা কৰাৰ অনুসৰি উন্মোচিত ২০ খন গ্ৰন্থৰ লেখক-লেখিকাসকললৈ ৫০ হাজাৰকৈ টকা অনুদান হিচাপে প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে কাৰ্বি জাম্বলী লিটাৰেৰী ফাউণ্ডেছনৰ বাবে এটা স্থায়ী কাৰ্যালয় আৰু লাইব্ৰেৰী গৃহ স্থাপন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ ইয়াৰোপৰি কাৰ্বি আংলঙৰ ৰাইজক অধ্যয়নশীল হ’বলৈ আহ্বান জনায় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক: New book release: গুৱাহাটী প্ৰেছ ক্লাৱত মামুন ইমদাদুল হক চৌধুৰীৰ গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.