ETV Bharat / state

বকলীয়াঘাটত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে বিপণী

author img

By

Published : May 21, 2021, 8:53 PM IST

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ অন্তৰ্গত চিকাৰীগেটত এখন দ্ৰুতবেগী ট্ৰাকে পথৰ দাঁতিত থকা দুখনকৈ দোকান মহতিয়াই নিয়ে ৷ আংশিক লক ডাউনৰ বাবে হতাহত হোৱা নাই কোনো লোক ৷

বকলীয়াঘাটত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দোকান ঘৰ
বকলীয়াঘাটত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে দোকান ঘৰ

ডিফু,21 মে’: শুকুৰবাৰে বিয়লি বকলীয়াঘাট থানাৰ অন্তৰ্গত চিকাৰীগেটত এখন দ্ৰুতবেগী ট্ৰাকে পথৰ দাঁতিত থকা দুখনকৈ দোকান মহতিয়াই নিয়াৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয় । ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত হোজাই দিশে আহি থকা এ এছ-০৯ চি-৫৮২২ নম্বৰৰ ট্ৰাকখনে বকলীয়াঘাট থানাৰ সমীপৰ চিকাৰীগেট পোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দুখনকৈ দোকান মহতিয়াই নিয়ে ।

নবীন ছিংনাৰ নামৰ লোকজনৰ কম্পিউটাৰ আৰু চিলাই প্ৰশিক্ষণৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ট্ৰাকখনে মহতিয়াই নিয়াৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয় । অৱশ্যে আংশিক লক ডাউনৰ বাবে কোনো লোক হতাহত হোৱা নাই । বকলীয়াঘাট আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে ৷

লগতে পঢ়ক: বিধানসভাত প্ৰৱেশৰ পূৰ্বে অখিল গগৈক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.