ETV Bharat / state

Suspected heroin seized: লাহৰিজানত সন্দেহযুক্ত হেৰ’ইনসহ আটক মহিলা সৰবৰাহকাৰী

author img

By

Published : May 4, 2023, 8:34 AM IST

Suspected heroin seized in Karbi Anglong
সন্দেহযুক্ত হেৰ’ইনসহ আটক মহিলা

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান গেটত সন্দেহযুক্ত হেৰ’ইনসহ আটক হ’ল এগৰাকী মহিলা ৷ পদপথেৰে খোজকাঢ়ি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱা সময়ত আৰক্ষী আৰু চি 20 চিআৰপি এফৰ নিয়মীয়া তালাচীত ধৰা পৰে মহিলাগৰাকী (Suspected heroin seized in Karbi Anglong) ৷

লাহৰিজানত সন্দেহযুক্ত হেৰ’ইনসহ আটক মহিলা সৰবৰাহকাৰী

ডিফু, 4 মে': এইবাৰ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান গেটত বুধবাৰে সন্দেহযুক্ত হেৰ’ইনসহ আটক এগৰাকী মহিলা ৷ জিলাখনৰ লাহৰিজান গেটত আৰক্ষী আৰু চি ২০ চিআৰপি এফৰ নিয়মীয়া তালাচীৰ সময়ত ড্ৰাগছসহ আটক মহিলাগৰাকী (Suspected heroin seized in Karbi Anglong) ৷ মহিলাগৰাকীৰ পৰা আৰক্ষী আৰু চি ২০ চিআৰপি এফৰ দলে প্ৰায় 254.87 গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় (Suspected heroin seized) ৷

বুধবাৰে বিয়লি ৪ বজাত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে চলাইছিল এই অভিযান ৷ তালাচীৰ সময়ত আৰক্ষী আৰু চিআৰপিএফৰ দলটোৱে ডিমাপুৰ দিশৰ পৰা অসমৰ লাহৰিজান গেটৰ পদপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত মহিলাগৰাকীৰ পৰা হেৰ’ইনখিনি জব্দ কৰে (Drugs Paddler Detained at Lahorijan) ৷ মহিলাগৰাকীয়ে এটা স্কুল বেগৰ ভিতৰত 20 টা চাবোনৰ বাকচত কঢ়িয়াই অনা অৱস্থাত 254.87 গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় (Suspected heroin seized) ৷

আটকাধীন মহিলাগৰাকী নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত পানবাৰী গাঁৱৰ মৃত মইনুল হকৰ পত্নী ছবিনা খাতুন (২৭) বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত ছবিনা খাতুনৰ বৰ্তমানৰ ঠিকনা কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড জিলাৰ লাহৰিজান টিলা বস্তিত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে মহিলাগৰাকীক জেৰা চলোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, কাৰ্বি আংলং জিলা আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তঞ্চলত অব্যাহত ৰখা নিশ্ছিদ্ৰ তালাচীৰ বাবে লাভ কৰিছে এটাৰ পাচত আনটো সফলতা ৷ নিতৌ ন ন কৌশল অৱলম্বন কৰিও ড্ৰাগছ সৰবৰাহকাৰীয়ে সীমান্তত আৰক্ষীৰ শেন দৃষ্টিৰ পৰা ৰক্ষা পৰিব পৰা নাই ৷ তথাপিও কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা ট্ৰাকত, কেতিয়াবা মটৰ চাইকেলত ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে (Suspected heroin seized at Lahorijan) ৷

লগতে পঢ়ক: Cyber Crime: চাইবাৰ অপৰাধীৰ দপদপনি; প্ৰৱঞ্চকে সৰকালে 1 লাখ 13 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.