Cyber Crime: চাইবাৰ অপৰাধীৰ দপদপনি; প্ৰৱঞ্চকে সৰকালে 1 লাখ 13 হাজাৰ টকা

By

Published : May 3, 2023, 8:55 PM IST

thumbnail

গুৱাহাটী, ৩ মে’: এ টি এমলৈ গ’লে সাৱধান হওক (Cyber Crime case) ৷ মহানগৰৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য। এইবাৰৰ স্থান মহানগৰীৰ বামুণীমৈদাম অঞ্চল (Fraud looted lakh rupees) । মহানগৰীৰ বামুণীমৈদাম অঞ্চলত মঙলবাৰে নিশা এজন ব‍্যৱসায়ীৰ পৰা অতি কৌশলৰে দুৰ্বৃত্তই এ টি এম কাঢ়ি লৈ গৈ মাত্ৰ ১৫ মিনিটৰ ভিতৰত এক লা 13 হাজাৰ টকা ট্ৰেন্সফাৰ কৰে (Rs 1 lakh 13 thousand transferred by fraudster)।  

আৰক্ষী সূত্ৰে জানিব পৰা মতে, কমল নন্দী নামৰ লোকজনে মঙলবাৰে নিশা অনুৰাধা চিনেমাৰ সমীপত থকা এছবিআই ৰ এ টি এমৰ পৰা ধন উলিয়াবলৈ গৈছিল ৷ লোকজনে এ টি এম পৰা টকা উলিয়াই থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই অতি কৌশলেৰে লোকজনৰ পৰা কাঢ়ি নিয়ে ATM কাৰ্ডখন । তাৰ কিছু সময়ৰ পিচত অৰ্থাৎ প্ৰায় ১৫ মিনিটৰ ব্যৱধানত দুৰ্বৃত্তই কমল নন্দীৰ এ টি এমখনৰ সহায়েৰে সৰকাই লৈ যায় নগদ ১ লাখ ১৩ হাজাৰ টকা ।  

এই ঘটনাৰ পিচতে লোকজনে চান্দমাৰি আৰক্ষীৰ কাষ চাপে ৷ ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে চান্দমাৰি থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Kidnapping Case at Dispur: অপহৰণ নে আটক, দিছপুৰ অপহৰণ কাণ্ডত ৰহস্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.