ETV Bharat / state

দয়ানন্দ সেৱাশ্ৰমৰ কাণ্ডাৰী লীলা বৰাৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:30 PM IST

Leela bora passes away i
লীলা বৰাৰ মৃত্য়ুত শোকস্তব্ধ বোকাজান

Death news of Diphu : লীলা বৰাৰ মৃত্য়ুত শোকস্তব্ধ বোকাজান,ডিমাপুৰ । বোকাজান সাহিত্য সভা, বোকাজান কলেজ, বৰজান স্কুলকে ধৰি বিভিন্ন সামাজিক সংস্থাৰ নেতৃত্বত আছিল লীলা বৰা।

ডিফু, ২৬ ডিচেম্বৰ : উত্তৰ পূব ভাৰতৰ ডিফু,বোকাজান,ডিমাপুৰ,সৰুপথাৰ,জপৰাজান আৰু ধনশিৰিত দয়ানন্দ সেৱাশ্ৰম বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল প্ৰতিষ্ঠা কৰি পাঁচটা দশক সেৱা আগবঢ়োৱা বিশিষ্ট সমাজকৰ্মী লীলা বৰাৰ আজি পুৱা দেহাৱসান ঘটে ৷ বোকাজানৰ দয়ানন্দ সেৱাশ্ৰমতে থাকি আমৃত্যু সেৱা আগবঢ়োৱা লীলা বৰাৰ মৃত্যুত কাৰ্বি আংলং জিলাৰ লগতে ডিমাপুৰতো শোকৰ ছাঁ পৰিছে ৷ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা বৰাৰ মৃত্যুৰ সময়ত ৮৫ বছৰ হৈছিল ৷

ডেকা বয়সতে দয়ানন্দ সেৱাশ্ৰমত সেৱা আগবঢ়াবলৈ আহি আজীৱন সেৱা আগবঢ়াই গ'ল ৷ ইয়াৰ উপৰি তেওঁ বোকাজান সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সভাক গতিশীলতা প্ৰদান কৰিছিল ৷ বোকাজান কলেজ প্ৰতিষ্ঠা কৰাত আগভাগ লোৱাৰ লগতে কলেজৰ প্ৰবক্তা সকলক প্ৰথম অৱস্থাত দৰমহা দিবলৈ তেওঁ প্ৰতিমাহে কিছু বৰঙণি আগবঢ়াছিল ৷ বোকাজানত স্ত্ৰী শিক্ষা বিকাশৰ বাবে প্ৰতিষ্ঠা কৰা ছোৱালী হাইস্কুল প্ৰতিষ্ঠাতো তেওঁ আগভাগ লৈছিল ৷

লগতে পঢ়ক:সোণাৰিৰ পৰা পলায়ন দুধৰ্ষ অপৰাধী ৰাকেশ বৰা; প্ৰাণৰ শংকাত ভুগিছে নাজিম আহমেদৰ পৰিয়া

তেওঁ বোকাজানত দয়ানন্দ সেৱাশ্ৰমৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ উচ্চতৰ মাধ্যমিক বিদ্যালয়ো প্ৰতিষ্ঠা কৰিছিল ৷ লগতে ভিতৰুৱা এলেকাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আনি হোষ্টেলত বিনামূলীয়াকৈ ৰাখি শিক্ষাদান কৰিছিল ৷ একেদৰে সৰুপথাৰত বিদ্যালয় হোষ্টেল, ডিফুত হোষ্টেল, জপৰাজানত হোষ্টেল আৰু ডিমাপুৰত হোষ্টেল প্ৰতিষ্ঠা কৰি সেৱা আগবঢ়াইছিল ৷ তেওঁৰ মৃত্যুত বোকাজান সাহিত্য সভা, সাংস্কৃতিক মহাসভা অসম, লেখিকা সমাৰোহ সমিতি, আছুকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে কামনা কৰে ৷ মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ কন্যা আৰু নাতিনীক এৰি থৈ যায় ।

লগতে পঢ়ক:শিলচৰৰ ব্যক্তিগত চিকিৎসালয়ত আজৱ কাণ্ড, জন্মৰ কিছু সময়ৰ পিচতে পৰিয়ালক গতালে নৱজাতকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.