ETV Bharat / state

11th session of ASDC: স্বায়ত্ত ৰাজ্যৰ দাবীত শীঘ্ৰে আন্দোলনৰ হুংকাৰ এএছডিচিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 9:44 PM IST

ASDC demand for autonomous state
অট'নমাছ ষ্টেট ডিমাণ্ড কমিটী

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত এএছডিচিৰ ১১ সংখ্যক অধিৱেশন সম্পন্ন । এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে'ই কয় যে জিলাখনত সৈনিক স্কুল, সৌৰ প্ৰকল্প স্থাপনত এএছডিচিৰ কোনো আপত্তি নাই যদিও উক্ত আঁচনি সমূহ কৃষি অনুপযোগী ভূমিত কৰাটো মংগলজনক ।

অট'নমাছ ষ্টেট ডিমাণ্ড কমিটী

ডিফু, ১৪ অক্টোবৰ: শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিফু ক্লাৱত অনুষ্ঠিত অট'নমাছ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ এএছডিচিৰ ১১ সংখ্যক অধিৱেশনৰ আজি সামৰণি পৰে । কালি প্ৰতিনিধি পঞ্জীয়নৰ পিছত আজি পুৱাৰে পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷ পুৱাৰ ভাগত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পন কৰা হয় ৷ পুৱা দহ বজাৰ পৰা ডিফু ক্লাৱৰ সভা কক্ষত ছনছিং তেৰাঙ,ধনীৰাম টিচ' আৰু ছাৰচিং ইংলেঙৰ সভাপতি মণ্ডলীৰ পৌৰোহিত্যত আৰম্ভ হোৱা মুকলি সভাখনত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে বক্তব্য় আগবঢ়ায় ।

সভাখনত সভাপতি চন্দ্ৰকান্ত তেৰাং,সাধাৰণ সম্পাদক জৎছন বে,সঞ্জয় কিলিং আৰু ডেনিয়েল টেৰণৰ লগতে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কেএছএৰ প্ৰাক্তন সভাপতি ৰবিন্দ্ৰ ৰংপি, কেএনচিএ আৰু কেআৰএএৰ সভাপতি-সম্পাদক সকল উপস্থিত থাকে ৷ এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে'ই কয়,"এএছডিচিয়ে ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি এখন স্বায়ত্ত ৰাজ্যৰ দাবীত দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত চৰকাৰৰ সৈতে এমঅ'ইউ স্বাক্ষৰ কৰি ইয়াৰ গঠনৰ বাবে অপেক্ষা কৰিলো ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতো স্বায়ত্তৰাজ্য প্ৰদানৰ নামত কেৱল প্ৰতাৰণা আৰু কাৰ্বি আংলং ৰাইজৰ ওপৰত অত্যাচাৰৰ পদ্ধতি গ্ৰহণ কৰিলে ৷"

তেওঁ পুনৰ কয় যে বৰ্তমানৰ সাংসদগৰাকীয়ে সংসদত স্বায়ত্তৰাজ্য বিষয়টো উত্থাপন কৰাৰ পিছত গৃহ মন্ত্ৰীয়ে চৰকাৰৰ হাতত স্বায়ত্তৰাজ্যৰ পৰিকল্পনা নাই বুলি উত্তৰ দিলে ৷ সাংসদ গৰাকীয়ে এই লৈ কোনো বিতৰ্কত অংশ গ্ৰহণ নকৰিলে ৷ আনহাতে, কাৰ্বি আংলং-মেঘালয়ৰ সীমাকলৈ কোনো ধৰণৰ সমস্যা নথকাৰ পিছতো বিজেপি চৰকাৰে সীমান্তত ১৫০০ কিলোমিটাৰ এলেকাত ৪০-৬০ খন গাঁও থকা সত্বেও উক্ত এলেকা মেঘালয়ক হস্তান্তৰ কৰিলে বুলি অভিযোগ কৰে ৷

এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে'ই পুনৰ কয় যে জিলাখনত সৈনিক স্কুল, সৌৰ প্ৰকল্প স্থাপনত এএছডিচিৰ কোনো আপত্তি নাই যদিও উক্ত আঁচনি সমূহ কৃষি অনুপযোগী ভূমিত কৰিলে সকলোৰে বাবে ভাল হ'ব বুলি কয় ৷ বকলীয়াঘাট আৰু খেৰণিৰ কৃষি প্ৰকল্পৰ বাবে থকা অনুপযোগী স্থানত সৈনিক স্কুল আৰু সৌৰ প্ৰকল্প স্থাপন কৰাত এএছডিচিৰ আপত্তি নাই ৷ বৰ্তমানৰ বিজেপিৰ শাসন কালত কাৰ্বি আংলঙত ভূমি ৰাজহ বৃদ্ধি কৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি কয় জৎছন বে'ই ৷ যি সময়ত এমুঠি অন্নৰ বাবে ৰাইজে সংগ্ৰাম কৰিব লগীয়া হৈছে তেনে সময়ত ভূমিৰ ৰাজহ বৃদ্ধি কৰাটো ৰাইজৰ ওপৰত অত্যাচাৰ আৰু জোৰ-জুলুম কৰা বুলি ক্ষোভ উজাৰে এএছডিচিৰ শীৰ্ষ নেতা গৰাকীয়ে ৷ আনহাতে,পাৰ্বত্য জিলাৰ দীৰ্ঘদিনীয়া স্বায়ত্তৰাজ্যৰ দাবী আৰু চৰকাৰৰ অত্যাচাৰ আৰু জুলুমৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক:Road accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত নিহত এজন, ৰাইজে জ্বলালে ডাম্পাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.