ETV Bharat / state

দুখন চিকিৎসা মহাবিদ্যালয়ত OXYGEN CONCENTRATOR যোগান সত্য সাই সেৱা সমিতিৰ

author img

By

Published : Jun 30, 2021, 3:44 PM IST

SATYA SAI SEVA SAMITTEE DONATED OXYGEN CONCENTRATOR TO TEZPUR, DIPHU MEDICAL COLLEGE
ৰাজ্যৰ দুখন চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান সত্য সাই সেৱা সমিতিৰ

ৰাজ্যত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে অসম সত্য সাই সেৱা সমিতি । তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে সত্য সাই সেৱা সমিতিয়ে ।

ডিফু, ৩০ জুন : বৰ্তমানেও ৰাজ্যত অব্যাহত আছে ক'ভিড-১৯(Covid-19)ৰ ভয়াৱহতা । বহুকেইখন জিলাত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা । ফলত চিকিৎসালয়তো ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । এনে সংকটৰ সময়ত দেশ-বিদেশৰ একাংশ সংস্থা আৰু সুহৃদয়ৱান ব্যক্তিয়ে ক'ভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ বাবে অক্সিজেনৰ যোগান ধৰি মানৱীয়তাৰ নিদৰ্শন দেখুৱাই আহিছে ৷

সেই মহান উদ্দেশ্যকে আগত ৰাখি চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনি নহয় তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম সত্য সাই সেৱা সমিতিয়ে । তেওঁলোকে ৰাজ্যৰ দুখন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৫০ টা অক্সিজেন কনচেনট্ৰেটৰ আগবঢ়াইছে । সত্য সাই সেৱা সমিতিয়ে ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০টা অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে । মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক'ভিড ৱাৰ্ডলৈ সংস্থাটোৱে ২০ টা অক্সিজেন কনচেনট্ৰেটৰ আগবঢ়ায় ৷

দুপৰীয়াৰ ভাগত অসম সত্য সাই সেৱা সমিতিৰ সভাপতি সত্যেন শৰ্মাই প্ৰেৰণ কৰা ২০ টা অক্সিজেন কনচেনট্ৰেটৰ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক সুমিতা হাগজেৰৰ হাতত অৰ্পণ কৰে ডিফুৰ সত্য সাই সেৱা সমিতিৰ সভাপতি ৰূপকজ্যোতি বৰকটকীয়ে ৷

ক'ভিড ৰোগীৰ বাবে বিশেষভাৱে প্ৰয়োজন হোৱা অক্সিজেন কনচেনট্ৰেট(OXYGEN CONCENTRATOR)ৰ লাভ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক সুমিত্ৰা হাগজেৰে কয় যে, এই দিনটো তেওঁলোকৰ বাবে আনন্দৰ দিন ৷ কাৰণ, সত্য সাই সেৱা সমিতিয়ে ক'ভিড ৰোগীৰ সেৱাৰ বাবে প্ৰদান কৰা অক্সিজেন কনচেনট্ৰেটৰ ক'ভিড ৰোগীৰ চিকিৎসাৰ পিছত সাধাৰণ ৱাৰ্ডতো ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াৰ বাবে অধীক্ষকগৰাকীয়ে সত্য সাই সেৱা সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ জিলাখনৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰ্তব্য পালন কৰি আছে । জিলাখনত টীকাকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তোলা হৈছে । সমান্তৰালকৈ ক'ভিড প্ৰট'কল মানি চলাৰ ক্ষেত্ৰতো প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদি ছেনিটাইজেছন কৰি থকাও পৰিলক্ষিত হৈছে ।


লগতে পঢ়ক:ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.