ETV Bharat / state

আমাক চৰকাৰী ধন নালাগে, কেৱল ৰাস্তা বনাই দিয়ক...

author img

By

Published : Jul 19, 2021, 5:48 PM IST

Poor Road Communication
আমাক চৰকাৰী ধন নালাগে, কেৱল ৰাস্তা বনাই দিয়ক

শোচনীয় পথে জ্বলা-কলা খুৱাইছে নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱবাসীক ৷ পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেঞ্চ কিম্বা জৰুৰীকালীন সেৱাৰ বাহন ৷ যাক লৈ এতিয়া অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে ৷

কলিয়াবৰ, 19 জুলাই : উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনতে পৰিস্ফূত হৈছে উন্নয়নৰ ফোঁপোলা ছবি ৷ পথৰ শোচনীয় অৱস্থাৰ বাবে যমৰ যাতনা ভোগ কৰিবলগাত পৰিছে ৰাজ্যবাসী ৷ বিশেষকৈ নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱৰ শোচনীয় পথে এতিয়া জ্বলা-কলা খুৱাইছে গাঁৱবাসীক ৷

ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱৰ শোচনীয় পথৰ বাবে গাঁৱখনলৈ আহিব নোৱাৰে এম্বুলেঞ্চ ৷ বছৰ বছৰ ধৰি যাতায়াতৰ নামত যমৰ-যাতনাৰ সন্মুখীন হৈ আহিছে ৰংবং ৱে অঞ্চলৰ জনসাধাৰণ । ৰাস্তা-ঘাট, দলঙকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত কাৰ্বি-আংলং সীমান্তৱৰ্তীৰ এই অঞ্চলটো ৷

উন্নয়নৰ মুখেই দেখা নাই ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱৰ ৰাইজে ৷

শোচনীয় পথে জ্বলা-কলা খুৱাইছে ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱবাসীক

যাৰ ফলত যাতায়াতৰ বাবে অচল হৈ থকা পথেৰে এম্বুলেঞ্চ আহিব নোৱাৰাত গৰ্ভৱতী মহিলাক ঠেলাৰ সহায়ত আনিবলগাত পৰিছে চিকিৎসালয়লৈ । এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই চিকিৎসালয়লৈ লৈ যোৱা দৃশ্যই উদঙাইছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়নৰ প্ৰতিচ্ছবি ৷ উল্লেখ্য যে, কাৰ্বি জনজাতিৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা কাৰ্বি-আংলং স্বায়ত্ব পৰিষদৰ সীমান্তৱৰ্তী কাৰ্বি জনসাধাৰণ প্ৰতি খোজতে উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে ।

কিন্তু এইক্ষেত্ৰত গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ গাঁৱবাসীয়ে উল্লেখ কৰা অনুসৰি, তেওঁলোকক নালাগে চৰকাৰৰ কোনো আৰ্থিক সাহায্য, নালাগে চৰকাৰৰ কোনো অভিলাসী আঁচনি ৷ কেৱল ৰংবং ৱেৰ বিবিয়া ক্ৰ গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰি দিবলৈ চৰকাৰ আহ্বান জনাইছে ভুক্তভোগী গাঁৱবাসীয়ে ৷

লগতে পঢ়ক: গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত বিচাৰিলে শক্তিমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.