ETV Bharat / state

নাগালেণ্ডৰ পৰা গুলী চুৰি কৰি পলোৱা যুৱকক খটখটীত আটক

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:25 PM IST

Khatkhati Police drive against illegal activities: খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী উদ্ধাৰ ৷ আটক দুই যুৱক ৷

Khatkhati Police drive against illegal activities
আটক দুই যুৱক

ডিফু, 22 ডিচেম্বৰ : অসম যেন এতিয়া অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৷ কি বঢ়া নাই অসমত ? হত্যা-হিংসা, চুৰি-ডকাইতি, ধৰ্ষণ-লুণ্ঠন, ড্ৰাগছ সৰবৰাহ, অপহৰণ, দালালি, যিকোনো অবৈধ কাৰবাৰ সকলোৰে বেহা চলে আজিকালি অসমত ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই সকলো ধৰণৰ সমাজদ্বেষী কামৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে যদিও কিন্তু কম হোৱা নাই এইবোৰৰ মাত্ৰা ৷ দৈনিক অসমত আৰক্ষীয়ে বিভিন্ন ধৰণৰ নীতিবৰ্হিভূত কামৰ বিৰুদ্ধে অভিযান চলাই বহু লোকক আটক কৰে, হ’লেও যেন দীঘল হৈ গৈ আছে এইধৰণৰ কামৰ তালিকা ৷

শেহতীয়াকৈ খটখটী আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই যুৱকক ৷ তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে ইনছাছ ৰাইফলৰ তিনিটা মেগজিন আৰু ৬০ টা সক্ৰিয় গুলী, AK-47ৰ তিনিটা মেগজিনসহ ৯০ টা সক্ৰিয় গুলী ৷ ইয়াৰ লগতে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে আৰ পি এফ (Rapid Action Force) ৰ সাজ-পোছাক, টুপী, মেডেল, বেংকৰ নথি-পত্ৰ আদি ৷

শুকুৰবাৰে বিয়লি ভাগত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ, চিআৰপি এফৰ দল আৰু থানা ষ্টাফৰ সহযোগত খটখটী আৰক্ষীয়ে এ এছ ০৫ চি ৪৮৪৪ নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলায় ৷ বাছখনত যাত্ৰীৰূপে অহা দুই মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি, RAF জোৱানসকল ডিমাপুৰ ৰে’লৱে ষ্টেচনৰ পৰা মণিপুৰ অভিমুখে যাবলৈ সাজু হৈ থকাৰ সময়তে দুই যুৱকে গুলী থকা এটা বেগ লৈ উধাও হয় । ধৃত মাৰণাস্ত্ৰৰ গুলী সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখৰ ভাৰ্গৱ বৰাৰ পুত্ৰ গগণ বৰা (23) আৰু ভেলৌগুৰিৰ প্ৰয়াত মতি উদ্দিন আহমেদৰ পুত্ৰ মহম্মদ টৌফিক আহমেদ (39) । বর্তমান খটখটী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দুই যুৱকক জেৰা অব্যাহত ৰাখিছে ৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে, খটখটীৰেই অসমলৈ বিভিন্ন ঠাইৰ পৰা এই ধৰণৰ সামগ্ৰীবোৰৰ সৰবৰাহ ঘটে ৷

লগতে পঢ়ক : আমগুৰিত মাৰণাস্ত্ৰসহ আটক ৪ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.