ETV Bharat / state

ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

author img

By

Published : May 23, 2021, 9:21 AM IST

Updated : May 23, 2021, 7:14 PM IST

police-approch-encounter-with-suspected-dnla-diphu-karbi-anglong-assam-etv-bharat-news
সেনা-আৰক্ষীৰ সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

দেওবাৰে পুৱতি নিশা ধনশিৰিত সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিহত 6 জন অচিনাক্ত তথা সন্দেহজনক ডিএনএলএ সদস্য ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী ৷

ডিফু,২৩ মে’: অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱতি নিশা সংঘটিত উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হয় ৷

ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত অসম ৰাইফলছৰ জোৱান আৰু আৰক্ষীৰ এটা দলে চলাইছিল এক অভিযান ৷ ধনশিৰিৰ মিচিবাইলুঙত সংঘটিত হোৱা এই অভিযানত অভিযানকাৰী দলটো মুখামুখি হৈছিল সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ ৷ ফলত উক্ত স্থানতে দুয়োটা দলৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু উক্ত সংঘৰ্ষত 6 জনকৈ উগ্ৰপন্থী নিহত হৈছে ৷ নিহত উগ্ৰপন্থী সদস্য কেইটা ক্ৰমে, প্ৰেমনাথ জিগদুঙ ওৰফে তামিল ডিমাচা, নৱা ডিমাচা, ফিৰিং ডিমাচা, জিৰদাং ডিমাচা, ধড়কন আৰু ডিমাচা,ৰাউনদাউ ডিমাচা ৷

police-approch-encounter-with-suspected-dnla-diphu-karbi-anglong-assam-etv-bharat-news
ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

উল্লেখ্য যে, বিগত ১৯ মে’ত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাং নামৰ এজন পুৰোহিতে মৃত্যুক সাৱটি লৈছিল ৷ তেতিয়াৰ পৰাই উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছিল কাৰ্বিং আংলং আৰক্ষীয়ে ৷ জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত চলিছিল এই অভিযান ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী ৷

লগতে চাওকঃ ৰঙিয়াত‌ উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

Last Updated :May 23, 2021, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.