ETV Bharat / state

হেৰ’ইন সহ এটা সৰবৰাহকাৰী আটক

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:52 PM IST

Drugs peddler apprehended: কাৰ্বিং আংলং জিলাৰ ডিফুৰ হৰিলাল বস্তিত হেৰ’ইনসহ এটা সৰবৰাহকাৰী আটক কৰা হয় ৷ আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা প্লাষ্টিক কণ্টেইনাৰত লুকুৱাই ৰখা অৱস্থাত 2.89 গ্ৰাম হেৰ’ইন, 9 টা ইনছুলিন আৰু এখন AS 01 MF 6958 পঞ্জীয়ন নম্বৰৰ মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

DRUGS PADDLER APPREHENDED
হেৰ’ইন সহ এটা সৰবৰাহকাৰী আটক

ডিফু, 17 ডিচেম্বৰ: ৰাজ্যজুৰি ড্ৰাগছ, হেৰ’ইনকে ধৰি নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ পিতটো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্ত বেহু ফালি সৰবৰাহকাৰীয়ে সময়ে সময়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আহিছে ৷ এইবাৰ দেওবাৰে কাৰ্বিং আংলং জিলাৰ ডিফুৰ হৰিলাল বস্তিত হেৰ’ইনসহ এটা সৰবৰাহকাৰী আটক কৰা হয় ৷

ডিফু আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত শনিবাৰে মাজনিশা প্ৰায় 12 মান বজাত ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খবুঙৰ নেতৃত্বত উপ পৰিদৰ্শকদ্বয় জয়ন্ত দলে আৰু ৰাজ লক্ষ্মী গগৈ আৰু থানা ষ্টাফ, হৰিলালবস্তি আৰু ৰংনিহান গাঁওৰক্ষী বাহিনীৰ সহযোগত হৰিলালবস্তি এলেকাত অভিযান চলায় ৷

এই অভিযানত অভিযানকাৰী দলটোৱে ছফিকুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা প্লাষ্টিক কণ্টেইনাৰত লুকুৱাই ৰখা অৱস্থাত 2.89 গ্ৰাম হেৰ’ইন, 9 টা ইনছুলিন আৰু এখন এএছ 01 এফ এম 6958 পঞ্জীয়ন নম্বৰৰ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত ছফিকুল ইছলাম মানকাছাৰৰ শালমাৰিৰ হজৰতপুৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত ছফিকুল ইছলাম হৰিলালবস্তিত ভাৰাতীয়া হিচাপে বসবাস কৰিছিল ৷

ছফিকুলে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা অনুসৰি, জব্দ হোৱা হেৰ’ইনখিনি ধুবুৰীৰ পৰা ডিফুলৈ সৰবৰাহ কৰা হৈছিল ৷ এই ঘটনা সন্দৰ্ভত ডিফু থানাত NDPS Act ৰ 123/23 নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সম্প্ৰতি ছফিকুলক থানালৈ লৈ মাৰাথন জেৰা চলাই আছে ৷

লগতে পঢ়ক: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.