ETV Bharat / state

Teacher beating students: স্কুলীয়া ছাত্ৰীক শিক্ষকৰ নিৰ্মম প্ৰহাৰ

author img

By

Published : Nov 4, 2022, 11:44 AM IST

Minor students brutally tortured by teacher at Diphu
স্কুলীয়া ছাত্ৰীক নিৰ্মম প্ৰহাৰ শিক্ষকৰ

ডিফুত উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ অনুসৰি, স্কুলীয়া ছাত্ৰীক নিৰ্মম প্ৰহাৰ শিক্ষকৰ (Students brutally tortured by school teacher) ৷ শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শিক্ষাৰ্থী ৷

ডিফু, 4 নৱেম্বৰ : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক সীমাহীন অপকৰ্মৰে কলুষিত কৰি অহা একাংশ শিক্ষকে শৈক্ষিক ক্ষেত্ৰখনৰ সুনামত বিভিন্ন সময়ত লগাই আহিছে আঁচোৰ ৷ শিক্ষাৰ নামত কণ কণ ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰি বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে ইয়াৰে একাংশ শিক্ষকে (Students brutally tortured by school teacher) ৷

তাহানিতে শিক্ষানুষ্ঠানত শিক্ষা প্ৰদানৰ সময়ত ‘‘চেকনিৰ আগত বিদ্যা’’ বুলি কোৱা কথাষাৰ বৰ্তমান যুগত যে প্ৰযোজ্য নহয়, সেয়া সৰ্বজনবিদিত । কিয়নো সৰ্বশিক্ষা অভিযান মিছন (Sarva Shiksha Abhiyan) আৰু শিক্ষাৰ অধিকাৰ আইন 2009 (Right to Education Act 2009) অনুসৰি কোনো এগৰাকী শিক্ষাৰ্থীক শিক্ষকসকলে শাৰীৰিক অথবা মানসিকভাৱে শাস্তি প্ৰদান কৰাতো আইনমতে দণ্ডনীয় ৷

স্কুলীয়া ছাত্ৰীক নিৰ্মম প্ৰহাৰ শিক্ষকৰ

কিন্তু তেনে সময়তে ৰাজ্যত পুনৰ পোহৰলৈ আহিছে শিক্ষকৰ দ্বাৰা শীক্ষাৰ্থীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক ঘটনা ৷

কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত শিক্ষাৰ অধিকাৰ আইনখনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ডিফুত দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী শিক্ষকে ৷ ছাত্ৰী নিৰ্যাতনৰ এই ঘটনাটো সংঘটিত হৈছে চহৰখনৰ বীণাপাণি হাইস্কুলত ৷

ঘটনাৰ বিৱৰণি অনুসৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত ভালদৰে পাঠ পঢ়িব নোৱাৰাৰ বাবেই দুগৰাকী ছাত্ৰীক এগৰাকী শিক্ষকে বেটেৰে শাৰীৰিকভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷ বিদ্যালয়খনৰ বিষয় শিক্ষক পাৰ্থ ঘোষৰ প্ৰহাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা এগৰাকী ছাত্ৰীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৷

আনগৰাকী ছাত্ৰী অসুস্থ হৈছে যদিও ঘৰতে সুশ্ৰুষা কৰি থকা বুলি জনালে পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে, বৰ্তমান ঘৰতে সুশ্ৰুষা কৰি থকা কণমানিজনী বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীক ৷ ছাত্ৰী দুগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়া অনুসৰি, ঘটনাটোৰ সন্দৰ্ভত সবিশেষ জানিবৰ বাবে অভিযুক্ত শিক্ষকগৰাকীৰ লগত যোগাযোগ কৰা হৈছিল ৷

সেই অনুসৰি শিক্ষকগৰাকীলৈ নিশালৈকে বাট চাই তেওঁলোকে কোনো সঁহাৰি নাপালে ৷ ফলত উপায়ন্তৰ হৈ দুয়োগৰাকী প্ৰহৃত ছাত্ৰীৰ অভিভাৱক আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে ঘটনাৰ সবিশেষ লিপিবদ্ধ কৰাৰ লগতে শিক্ষকৰ প্ৰহাৰত অধিক অসুস্থ হৈ পৰা এগৰাকী ছাত্ৰীক ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে ৷

বৰ্তমানেও ছাত্ৰী দুগৰাকীৰ অভিভাৱকে আৰক্ষীক এজাহাৰ দাখিল কৰা নাই যদিও শীঘ্ৰেই শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহৰ দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Golaghat Jawahar Navodaya Vidyalaya : বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.