ETV Bharat / state

Golaghat Jawahar Navodaya Vidyalaya : বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি

author img

By

Published : Nov 3, 2022, 8:51 PM IST

গোলাঘাট জিলাৰ চিনাতলী জৱাহৰ নৱোদয় বিদ্যালয়ত পুনৰ জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি ৷ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত কনিষ্ঠ ছাত্ৰ (Ragging incident at JNV) ৷

বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি
বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি

গোলাঘাট, 3 নৱেম্বৰ : গোলাঘাট জিলাৰ চিনাতলী জৱাহৰ নৱোদয় বিদ্যালয়ত পুনৰ অঘটন । অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ (Ragging incident at Golaghat Jawahar Navodaya Vidyalaya)। জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অষ্টম শ্ৰেণীৰ দুই ছাত্ৰ ৷ বুধবাৰে নিশাই আহত দুই ছাত্ৰক চিকিৎসাৰ বাবে নিয়া হয় হাস্পতাললৈ ।

উল্লেখ যে, বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰিত অতিষ্ঠ কনিষ্ঠ ছাত্ৰ । কনিষ্ঠ ছাত্ৰৰ পৰা ধন সংগ্ৰহত লিপ্ত একাংশ জ্যেষ্ঠ ছাত্ৰ । টকা নিদিলে একাংশ জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক শাৰীৰিক-মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে (Student beaten up in the name of ragging)।এই ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে একাংশ অভিভাৱকে ।

অভিযোগ অনুসৰি, পূৰ্বৰ দৰে বুধবাৰেও অষ্টম শ্ৰেণীৰ দুই ছাত্ৰক নৱম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰই ধনদাবী কৰিছিল ৷ দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই নিশা হোষ্টেলৰ ভিতৰতে উক্ত দুই ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে নৱম শ্ৰেণীৰ চাৰিজন ছাত্ৰই ।

বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ গুণ্ডাগিৰি

কিন্তু মন কৰিবলগীয়া যে, উক্ত নৱম শ্ৰেণীৰ ছাত্ৰসকলক দ্বাদশ শ্ৰেণীৰ অগ্ৰজসকলেহে হাৰাশাস্তি কৰে অনুজসকলৰ পৰা ধনদাবী কৰিবলৈ । অন্যথা একেই শাস্তিৰ সন্মুখীন হ’ব লগা হয় নৱম শ্ৰেণীৰ ছাত্ৰসকলো । এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ একাংশ ভুক্তভোগী ছাত্ৰই ৷

অভিযোগ মতে, দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰৰ সন্ত্ৰাসৰ বাবে এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়ত । ইপিনে, সমগ্ৰ ঘটনাক সামান্য এক কাজিয়াৰ আখ্যা দি দ্বায়িত্ব সামৰিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ‌গৰাকীয়ে । এক প্ৰকাৰে সমগ্ৰ ঘটনা গাপ দিয়াৰো চেষ্টা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । অৱশ্যে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷

এতিয়া গোলাঘাটৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে, এনেকৈয়ে চলিছে নেকি ভাৰত চৰকাৰ অনুমুদিত গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় ?

লগতে পঢ়ক : জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত ৰেগিঙকাণ্ডৰ লগত জড়িত পাঁচজন ছাত্ৰক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.