ETV Bharat / state

Minister Nandita Garlosa: ডিফুত মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ বিদ্যালয় পৰিদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়

author img

By

Published : Jun 17, 2023, 7:53 PM IST

Minister Nandita Garlosa Visited School in Diphu
ডিফুত মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ বিদ্যালয় পৰিদৰ্শন

মন্ত্ৰী নন্দিতা গাৰ্লোচাই ডিফুত উপস্থিত হৈ হঠাৎ পৰিদৰ্শন কৰে দুখনকৈ চৰকাৰী বিদ্যালয় ৷ শনিবাৰে হঠাৎ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বালিকা বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

ডিফু, 17 জুন: শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত উপস্থিত হয় ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷ অসম চৰকাৰৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ডিফুত উপস্থিত হৈ হঠাৎ পৰিদৰ্শন কৰে দুখনকৈ চৰকাৰী বিদ্যালয় ৷ শনিবাৰে হঠাৎ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰীগৰাকীয়ে বিদ্যালয় দুখন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰাৰ লগতে শিক্ষাগুৰুসকলৰ লগতো মত বিনিময় কৰে ৷ লগতে বিদ্যালয় দুখনৰ সমস্যা তথা আন্তঃগাঁঠনিৰো বুজ লয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷

Minister Nandita Garlosa Visited School in Diphu
ডিফুত মন্ত্ৰী নন্দিতা গাৰ্লোচা

চৰকাৰী বালক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে পৰৱৰ্তী সময়ত আহিলে প্ৰাণীবিজ্ঞানৰ এটা শ্ৰেণীত পাঠদান কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ একেদৰে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি পঢ়াৰ বাহিৰে কোনে কোনে খেলা-ধূলা কৰি ভাল পাই , কাৰ প্ৰফেচনেল খেলুৱৈ হোৱাৰ মন আছে ইত্যাদি সম্পৰ্কে জানিব বিচাৰে ৷ ছাত্ৰ-ছাত্ৰী সকলেও বিভিন্ন খেলৰ প্ৰতি থকা নিজৰ আগ্ৰহৰ কথা দোহাৰে মন্ত্ৰীগৰাকীৰ আগত ৷ মন্ত্ৰীগৰাকীয়েও কি দৰে খেলা-ধূলাক প্ৰফেচন হিচাবে লৈ জীৱনৰ বাটত আগবাঢ়িব পাৰি সেই কথা ছাত্ৰ-ছাত্ৰী সকলৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক : Sarbananda Sonowal Press Meet: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

উল্লেখ্য যে এসময়ৰ মহাবিদ্যালয়ৰ প্ৰবক্তা নন্দিতা গাৰ্লোচাই এতিয়াও হাফলঙলৈ গ’লে সময় পালেই মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি সুখ অনুভৱ কৰে ৷ আনহাতে মন্ত্ৰী নন্দিতা গাৰ্লোচাই বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ বাবে অধ্যক্ষ হিলাৰী তেৰাঙে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীক ৷

লগতে পঢ়ক : Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.