ETV Bharat / state

ইভিএম বিতৰ্ক : কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ

author img

By

Published : Apr 3, 2021, 9:08 AM IST

শুকুৰবাৰে ইভিএম বিতৰ্ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ ৷ ভোট গ্ৰহণৰ সময়ত ইভিএমত বিসংগতিয়ে দেখা দিলে লগে লগে যাতে কেন্দ্ৰসমূহত বিকল্প ইভিএমৰ যোগান ধৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিকল্প ব্যৱস্থা কৰা হৈছিল ৷

কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ
কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ

ডিফু,3 এপ্ৰিল : ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাংশ বাহনত ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িয়াই লৈ ফুৰাৰ বাতৰি তথা দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াকে লৈ আনকি শুকুৰবাবে জিলাখনৰ একাধিক স্থানত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পিছতে শুকুৰবাৰে বিবৃতিযোগে বিষয়টো সন্দৰ্ভত নিজা স্থিতি স্পষ্ট কৰিছে কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াই ।

কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ
কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ

জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ কৰা অনুসৰি ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে ২৫গৰাকী ছেক্টৰ বিষয়া আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিৰ বাবে ৪৮ গৰাকী ছেক্টৰ বিষয়াৰ দায়িত্বত ১৩০ টা ইলেক্ট্ৰনিক ভোটিং মেচিন দিয়া হৈছিল । ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইলেক্ট্ৰনিক ভোটিং মেচিনত কোনো বিসংগতিয়ে দেখা দিলে লগে লগে যাতে উক্ত কেন্দ্ৰসমূহত বিকল্প ইভিএমৰ যোগান ধৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে ব্যৱস্থা কৰা হৈছিল ৷

বৃহৎ পাহাৰীয়া এলেকা সামৰি লোৱা ভোটকেন্দ্ৰ সমূহত ডিফু বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিযয়াৰ সকলৰ হাতত বিকল্প ইভিএম মেচিনৰ ব্যৱস্থা অবিহনে ইভিএমৰ বিসংগতি দেখা দিয়া ভোট কেন্দ্ৰ সমূহত পুনৰ ইভিএম যোগান ধৰাটো তেনে সহজ কাম নহ'লহেতেন বুলি বিবৃতিটোত প্ৰকাশ কৰে ৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীৰ পত্ৰ নং ৫১/৮ /আইএনএছটি/২০১৯/ ইএমপিছ অনুসৰি এনে ব্যৱস্থা কৰা বুলি উল্লেখ কৰাৰ লগতে এনেদৰে দিয়া ইভিএম সমূহৰ সবিশেষ তথ্য ছেক্টৰ বিষয়া সকলে কঢ়িয়াই নিয়া বাহন সমূহৰ পঞ্জীয়ন নম্বৰসহ সবিশেষ নিৰ্বাচন এজেণ্ট আৰু প্ৰাৰ্থী সকললৈ প্ৰেৰণ কৰা হৈছিল বুলি বিবৃতিটোত স্পষ্ট কৰা হৈছে ৷

লগতে পঢ়কঃ ৰাইজক ক‘ভিড প্ৰট‘কল মানি চলিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.