ETV Bharat / state

100 Crores Scam : এশ কোটিৰ কেলেংকাৰীৰ অভিযোগ খণ্ডন তুলিৰাম ৰংহাঙৰ; অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱনৰ পৰা সন্যাস লোৱাৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:22 PM IST

KAAC CEM Tuliram Ronghang
এশ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এশ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ প্ৰমাণ দিব পাৰিলে ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস লʼব বুলি বিৰোধীৰ আক্ৰমণক প্ৰত্যাহ্বান জনায় কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

অভিযোগ খণ্ডন তুলিৰাম ৰংহাঙৰ

ডিফু, 29 ছেপ্টেম্বৰ : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এশ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি বিগত কেইটামান দিন ধৰি বিৰোধী কংগ্ৰেছ দলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ শুকুৰবাৰে ডিফুত সাংবাদিকে এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এই অভিযোগক পোনছাটেই নস্যাৎ কৰাৰ লগতে কংগ্ৰেছ আৰু এপিএইচএলচি দলৰ তিনি সদস্যই এই সন্দৰ্ভত ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনোৱাৰ পিছত আদালতে ক্লীন চিট প্ৰদান কৰা বুলি মন্তব্য কৰে ৷

আনহাতে কংগ্ৰেছ দলে দাবী কৰাৰ দৰে চিবিআই তদন্তৰ বাবে সম্পূৰ্ণ সাজু বুলি দাবী কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ পত্নীৰ নামো দুৰ্নীতিত জড়িত থকা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ পত্নী এগৰাকী চৰকাৰী চাকৰিয়াল ৷ তেওঁৰ পত্নীৰ নামত এক টকাৰো ঠিকাদাৰীৰ প্ৰমাণ দিব পাৰিলে ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস লʼব বুলি বিৰোধীৰ আক্ৰমণক প্ৰত্যাহ্বান জনায় কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ লগতে সংবাদ মাধ্যমৰ আগত বিৰোধী কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পিতৃ মুখ্যমন্ত্ৰী থকাৰ সময়ত মাজনিশা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ গেটত তলা ওলোমাই দিয়া বুলি উল্লেখ কৰি ইয়াৰ বাবে বিৰোধী নেতাগৰাকীয়ে আজি কাৰ্বি আংলং জিলাবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী কৰে ৷ কংগ্ৰেছৰ শাসনকালতে কাৰ্বি আংলঙত সৰ্বাধিক হিংসা সংঘটিত হোৱাৰ লগতে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱাৰ বিপৰীতে বিজেপিৰ আমোলত এই উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে আলাপ আলোচনাৰ মাজেৰে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ী শান্তিৰ বাতাবৰণ গঢ়ি তোলা বুলি‌ মন্তব্য আগবঢ়ায় ৷ কংগ্ৰেছৰ শাসনত ৰেংমা নাগা-কাৰ্বি, কাৰ্বি -কুকি, কাৰ্বি -ডিমাচা আদি গোষ্ঠীসংঘাত হোৱাৰ বিপৰীতে বিজেপিৰ আমোলত জিলাখনত কোনো ভাতৃঘাতী সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা নাই বুলি ৰংহাঙে দাবী কৰে ৷

জিলাখনৰ এই শান্তি আৰু উন্নয়নৰ বাতাবৰণ বিৰোধীয়ে নিবিচাৰে বুলি লগতে তীৰ্যক মন্তব্য আগবঢ়ায় মুখ্য কাৰ্যবাহী ৰংহাঙে ৷ জিলাখনত বিৰোধীয়ে আনকি উৰণ সেতু, এহাজাৰ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প, 374 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হʼবলগীয়া সৈনিক স্কুলৰো বিৰোধিতা কৰে বুলি উল্লেখ কৰি এনে অপপ্ৰচাৰ কাৰ্বি আংলঙৰ ৰাইজে ভাল নাপায় বুলি কয় ৷ ইয়াৰ ফলশ্ৰুতিতেই কাৰ্বি আংলঙত পৌৰসভাৰ নিৰ্বাচনৰ পৰা আদি কৰি কোনো নিৰ্বাচনতে বিৰোধী দলে এখনো আসন দখল কৰিবলৈ সক্ষম নহয় বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় ৷

অপ-প্ৰচাৰৰ বিপৰীতে জিলাখনৰ উন্নয়নৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত শাসক-বিৰোধীয়ে ঐক্যবদ্ধভাৱে আলাপ-আলোচনাৰ মাজেৰে কাম কৰাৰ পোষকতা কৰে ৰংহাঙে ৷ ডিফু চহৰৰ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ সবিশেষ উল্লেখ কৰি মুখ্য কাৰ্যবাহী ৰংহাঙে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক নিজেই ডিফুলৈ আহি সবিশেষ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায় ৷ আনহাতে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হʼব বুলিও ৰংহাঙে সদৰী কৰে ৷ আনহাতে শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তত অব্যাহত থকা উত্তেজনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহীগৰাকীয়ে বিভিন্ন পৰ্যায়ত আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যাৰ স্থায়ী সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : Demanding Sixth Schedule : ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.