ETV Bharat / state

কাৰ্বি আংলং পৰিষদক সীমা বিবাদ মীমাংসা সমিতি বৰ্জন কৰিবলৈ আহ্বান JCCPA ৰ

author img

By

Published : Sep 9, 2022, 7:56 PM IST

JCCPA organized press meet on Assam Meghalaya border dispute at Diphu
কাৰ্বি আংলং পৰিষদক সীমা বিবাদ মীমাংসা সমিতি বৰ্জন কৰিবলৈ আহ্বান JCCPA ৰ

শুকুৰবাৰে জইন্ট ক-অৰ্ডিনেচন কমিটী ফৰ প্ৰটেক অট’নমী নামৰ সংগঠনটোৱে এখন সৰ্বদলীয় সভাৰ আয়োজন কৰে (JCCPA organized press meet) ৷ সভাত সংগঠনটোৱে কাৰ্বি আংলং পৰিষদক সীমা বিবাদ মীমাংসা সমিতি বৰ্জন কৰিবলৈ আহ্বান জনায় ৷

ডিফু, 9 ছেপ্টেম্বৰ: ৰাজ্যৰ দীৰ্ঘদিনীয়া এক সমস্যা হৈছে অসম-মেঘালয়ৰ সীমা বিবাদৰ সমস্যা (Assam Meghalaya border dispute) ৷ চৰকাৰ সলনি হৈ আছে যদিও সমাধানহে হোৱা নাই সীমা বিবাদ (Assam Meghalaya border conflict) ৷ এই সন্দৰ্ভত বহুবাৰ বৈঠকত মিলিত হৈছে অসম-মেঘালয় চৰকাৰ ৷ কিন্তু সীমা বিবাদ সন্দৰ্ভত কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব পৰা নাই চৰকাৰে ৷

ইতিমধ্যে অসম-মেঘালয়ৰ সীমা সমস্যা সমাধনৰ বাবে দুয়োখন চৰকাৰে গঠন কৰিছে সমিতি ৷ ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসম-মেঘালয়ৰ সীমা বিবাদ সমস্যা সমাধানৰ সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকতো(Meeting on Assam Meghalaya Border issue) মিলিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ৷

কাৰ্বি আংলং পৰিষদক সীমা বিবাদ মীমাংসা সমিতি বৰ্জন কৰিবলৈ আহ্বান JCCPA ৰ

তাৰ পিছতো যেন সমাধান উলিয়াব পৰা নাই চৰকাৰখনে ৷ অসম-মেঘালয়ৰ বিবদমান মুঠ ১২ টা এলেকাৰ ভিতৰত পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ ব্লক ২ অন্যতম ৷ কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ২৬ খনকৈ গাঁৱত মেঘালয়ৰ লোকে বিভিন্ন নিৰ্মাণ কাৰ্যও চলাইছে বুলি অভিযোগো উত্থাপন হৈছে ৷

এই ব্লক কেইটাকলৈ শুকুৰবাৰে জইন্ট ক-অডিনেচন কমিতি ফৰ প্ৰটেক অটনমী নামৰ সংগঠনটোৱে এখন সৰ্বদলীয় সভাৰ আয়োজন কৰে (JCCPA organized press meet) ৷ সভাত সংগঠনটোৱে অসম চৰকাৰে এই বিবাদমান অঞ্চল দুটাক এক উত্তপ্ত পৰিস্থিতিলৈ ঠেলি দিব বিচাৰিছে বুলি মন্তব্য কৰে ৷ লগতে JCCPA ৰ নেতা ৰবীন্দ্ৰ ৰংপিয়ে পৰিষদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰি এক প্ৰস্তাৱ লৈ অসম চৰকাৰক ১৯৫১ চনৰ সীমা কোনোপধ্যে এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷

তাৰোপৰি কাৰ্বি আংলং পৰিষদে অসম আৰু মেঘালয় চৰকাৰে গঠন কৰা সীমা বিবাদ মীমাংসা সমিতিৰ সদস্য নহৈ তাক বৰ্জন কৰা উচিত বুলি উল্লেখ কৰে JCCPA ৰ নেতাই ৷ এই সংবাদংমেলত JCCPA ৰ নেতা খৰছিং টেৰণ ছয় ৰংপি, ছনাচিং টেৰণো উপস্থিত থাকে ৷

লগতে পঢ়ক: জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত সান্ধ্য আইন জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.