ETV Bharat / state

বকলীয়াঘাটত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

author img

By

Published : Jul 18, 2021, 4:42 PM IST

ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে ডিফুৰ বকলীয়াঘাটত পত্নীক হত্যা কৰিলে স্বামীয়ে ৷ আৰক্ষীৰ জালত পৰিছে অভিযুক্ত ৷

husband-killed-his-wife-at-bokoliyaghat-of-diphu
বকলীয়াঘাটত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

ডিফু, 18 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড আতংকৰ মাজতে ডিফুৰ বকলীয়াঘাটত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত পত্নীক দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীয়ে ৷ বকলীয়াঘাট থানাৰ পৰা প্ৰায় 15 কিল’মিটাৰ নিলগৰ ক্লুৰডুঙৰ গৌৰবস্তিত সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যে হত্যাকাৰী স্বামীক আটক কৰিছে বকলীয়াঘাট আৰক্ষীয়ে ৷

উল্লেখ্য যে, ক্লুৰডুঙৰ গৌৰবস্তি নিবাসী লক্ষণ মুণ্ডা নামৰ লোকজনে দেওবাৰে পুৱতি নিশা সাধাৰণ কোনো ঘৰুৱা বিষয়ক কেন্দ্ৰ কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় ৷ উক্ত কাজিয়াই চৰম ৰূপ ধাৰণ কৰাত খঙত কাণ্ডজ্ঞান হেৰুৱাই লক্ষণ মুণ্ডাই পত্নী জয়ন্তী মুণ্ডাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই লক্ষণ মুণ্ডাই উক্ত স্থানৰ পৰা পলায়ন কৰে ৷

বকলীয়াঘাটত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে জানিব পাৰি বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷

মুণ্ডাৰ পুত্ৰই জনোৱা অনুসৰি বছৰ বছৰ ধৰি পিতৃয়ে প্ৰায়েই ঘৰত কাজিয়া তথা মাৰপিট সংঘটিত কৰি আহিছিল ৷ সৰু সৰু কথাতে পূৰ্বেও মাতৃক মাৰপিট কৰিছিল বুলি জনাইছে পুত্ৰই ৷ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ধৃত ব্যক্তিজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত এখন দা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷ এই ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়কঃ ক’ভিড কেয়াৰ কেন্দ্ৰ পৰা পলায়ন 5 কিশোৰ অপৰাধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.