ETV Bharat / state

FM transmitter: ডিফুত এফএম ৰেডিঅ’ ট্ৰান্সমিটাৰ উদ্বোধন

author img

By

Published : Apr 29, 2023, 8:50 AM IST

FM transmitter inaugurate at Diphu
ডিফুত FM Radio ট্ৰান্সমিটাৰ মুকলি

কাৰ্বি আংলঙৰ সদৰ ডিফুত উদ্বোধন হ'ল এফএম ৰেডিঅ' ট্ৰান্সমিটাৰ ৷ শুকুৰবাৰে দেশৰ ১৮ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯১ টা এফ এম ৰেডিঅ' ট্ৰান্সমিটাৰৰ ভাৰ্চুৱেলি উদ্ধোধন কৰে ৷ ইয়াৰ ভিতৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু ৰেডিঅ' ষ্টেছন অন্যতম (FM transmitter inaugurate at Diphu) ৷

প্ৰধানমন্ত্ৰীৰ উপহাৰ: ডিফুত FM Radio ট্ৰান্সমিটাৰ

ডিফু, 29 এপ্ৰিল: পাহাৰীয়া জিলা কাৰ্বি আংলঙত এক নতুন সংযোজন ৷ কাৰ্বি আংলঙৰ সদৰ ডিফুত উদ্বোধন হ'ল এফএম ৰেডিঅ' ট্ৰান্সমিটাৰ ৷ শুকুৰবাৰে দেশৰ ১৮ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯১ টা এফ এম ৰেডিঅ' ট্ৰান্সমিটাৰৰ ভাৰ্চুৱেলি উদ্বোধন কৰে ৷ ইয়াৰ ভিতৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু ৰেডিঅ' ষ্টেছন অন্যতম ৷

এই উপলক্ষে ডিফু আকাশবাণী কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেং, প্ৰচাৰ ভাৰতীৰ যুটীয়া সঞ্চালক প্ৰধান আশীষ ভাটনাগৰ উপস্থিত থাকে ৷ নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই ৯১ টা এফ এম ৰেডিঅ' ট্ৰান্সমিটাৰ (FM transmitter inaugurate at Diphu in Karbi Anglong) ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পাহাৰীয়া জিলাখনৰ উগ্ৰপন্থী সংগঠনসমূহে চৰকাৰৰ সৈতে কৰা শান্তি চুক্তিত এই ৰেডিঅ' ষ্টেছন এফ এম ষ্টেছনলৈ উন্নীত কৰাটো অন্যতম দাবী আছিল বুলি উল্লেখ কৰে ৷ এই দাবী পূৰণ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে (FM transmitter inaugurate at Diphu) ৷

প্ৰচাৰ ভাৰতীৰ যুটীয়া সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ৰেডিঅ' আমাৰ জীৱনৰ এটি মহত্বপূৰ্ণ অংগ ৷ সৰু সৰু স্থানত দুৰ্গম অঞ্চলত ই জনসাধাৰণক স্পৰ্শ কৰিব পাৰে ৷ মই আজি সুখী, পাহাৰীয়া জিলাখনত দেশৰ প্ৰধানমন্ত্ৰীয়ে এফএম সেৱা সম্প্ৰসাৰণ কৰিলে ৷ দেশৰ যুৱ চামৰ বাবেও ৰেডিঅ' অপৰিহাৰ্য বুলি ব্যক্ত কৰি তেওঁ কয় যে, দুৰ্যোগৰ সময়ত যেতিয়া ম’বাইল ফোনকে ধৰি সকলো অসাৰ হৈ পৰে তেতিয়া ৰেডিঅ' বৰ্তি থাকে ৷ ৰেডিঅ' কেৱল এটা মেচিন নহয়, ৰেডিঅ' ডেকা-গাভৰু, বৃদ্ধা, আৱাল-বণিতা সকলোৰে বন্ধু (FM Radio at Diphu) ৷

ইফালে সাংসদ হৰেণছিং বে'ই কয় যে, এয়া জিলাবাসীৰ বাবে অতি সুখৰ খবৰ ৷ ৰাইজে বহুদিনৰ পৰাই এই দাবী উত্থাপন কৰি আহিছিল ৷ ইয়াৰ জৰিয়তে কলা-সংস্কৃতি বিকাশৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে (PM Modi inaugurate FM transmitter at Diphu) ৷

লগতে পঢ়ক: APSC CCE Mains 2023: APSC ৰ CCE ৰ মূল পৰীক্ষা পিছুৱাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.