ETV Bharat / state

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

author img

By

Published : Dec 13, 2021, 10:21 PM IST

কয়লা আৰু খনিজাত সামগ্ৰীকলৈ ডিফুত পাৰ্বত্য উন্নয়ন মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ দুয়োখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত বৈধ হব কয়লা খনন (Coal mining to be legalized ) ৷

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন
পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

ডিফু, ১৩ ডিচেম্বৰ : পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ'ল ৷ জিলাখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ সোমবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প কেন্দ্ৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ তথা খনি আৰু খনিজাত সমগ্ৰী মন্ত্ৰী যোগেন মহন(Minister Jogen Mohan)ৰ সৈতে দুই পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷

বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এতিয়াৰে পৰা দুয়োখন জিলাত কয়লা খনন বৈধ হ’ব(Coal mining will be legal) ৷ ইয়াৰ বাবে চৰকাৰে এখন খচৰা তৈয়াৰ কৰিছে ৷ যোৱা ৩ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুয়োখন পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাংসদ, বিধায়ক সকলৰ এই সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈছিল ৷

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

এই সভাতে এখন খচৰা প্ৰস্তুত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি ডিফুত এই খচৰা সন্দৰ্ভত দুয়োখন পৰিষদৰ সৈতে আলোচনাত মিলিত হোৱা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ জিলা দুখনৰ কয়লাৰ ক্ষেত্ৰত এতিয়াৰে পৰা দুয়োখন পৰিষদৰ ৰাজ্য চৰকাৰৰ সৈতে ৭০-৩০ শতাংশ কৰ্তৃত্ব থাকিব ৷

ইয়াৰে পৰিষদে ৭০ আৰু ৰাজ্য চৰকাৰৰ ৩০ শতাংশ ৰাজহ লাভ কৰিব ৷ খনন আৰু পৰিবহণৰ অনুমতিৰ বাবে পৰিষদ দুখনৰ এনঅ'চি বাধ্যতামূলক হ’ব ৷ খননৰ ক্ষেত্ৰত পৰিষদৰ নীতি উলংঘা কৰিলে সেই প্ৰতিষ্ঠানখনৰ অনুমোদন বাতিল কৰা হ’ব ৷ সোমবাৰৰ বৈঠকত খচৰাখনক লৈ হোৱা বিতং আলোচনাৰ অন্তত বহুকেইটা সংশোধনী অনা হৈছে ৷

এই খচৰাই মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পিছত তিনিদিনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰি ৰাজহুৱা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে, বৈঠকত উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC Chief Tuliram Ronghang) কয় যে, দুয়োখন পাৰ্বত্য জিলাৰ খনিজাত সামগ্ৰী আহৰণৰ বাবে আজিৰ আলোচনা অনুষ্ঠিত হৈছিল ৷ পূৰ্বে এই ক্ষমতা পৰিষদৰ হাতত নাছিল ৷

সোমবাৰে এই সামগ্ৰী সমূহৰ ক্ষমতা আৰু অধিকাৰ পৰিষদে লাভ কৰিলে ৷ সোমবাৰৰ বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, অসম বিধান সভাৰ উপাধক্ষ্য ডাঃ নোমল মমিন, বিধায়ক বিদ্যাচিং ইংলেং, দৰছিং ৰংহাঙ, খনি আৰু খনিজাত সামগ্ৰী উচ্চ পদস্থ বিষয়া, দুয়োখন পৰিষদৰ প্ৰধান সচিবদ্বয় উপস্থিত থাকে ৷
লগতে পঢ়ক : Land grabbing allegation: মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অখিলে আনিছে নতুন প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.